অসমবিশেষশীৰ্ষ

গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমখন বৰফৰ পাৰ্ক ‘ফ্ৰজেন প্লেনেট’ মুকলি…

মহানগৰবাসীৰ বাবে অৱসৰ বিনোদনৰ বাবে অন্যতম ঠাইসমূহৰ ভিতৰত আছিল একলেন্ড, ড্ৰীমলেন্ড আদি।কেতিয়াবা আকৌ অৱসৰ বিনোদন কটাবলৈ শ্বিলং, চেৰাপুঞ্জী, দাৰ্জিলিং আদি ঠাইলৈকেও উৰা মৰা দেখা যায়। কিন্তু এতিয়াৰে পৰা চিন্তাৰ কাৰণ নাই কিয়নো শ্বিলং, গেংটকৰ সোৱাদ লব পাৰিব মহানগৰীতে। কিয়নো উত্তৰ-পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে মুকলি কৰা হ’ল প্ৰথমখন বৰফৰ পাৰ্ক ‘ফ্লজেন প্লেনেট’। মহানগৰীৰ লালুং গাঁৱত ১২,০০০ বৰ্গফুট এলেকাত স্থাপন কৰা হৈছে এই পাৰ্কখন ।

১৫ ছেপ্টেম্বৰৰ দিনা উক্ত পাৰ্কখন আনুষ্ঠানিকভাবে মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীয়ে। ইয়াত বৰফৰ ঘৰ ঈগলু, বৰফত বগোৱা ছান্টা হাউছ আৰু বৰফত নৃত্য কৰা বাবে বিভিন্ন ধৰণৰ সুবিধা ৰখা হৈছে।১৫ ছেপ্টেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে পাৰ্কখন মুকলি কৰা হয় যদিও ১৬ ছেপ্টেম্বৰৰ পৰাহে গ্ৰাহকৰ বাবে মুকলি কৰা হয় এই পাৰ্কখন । পাৰ্কখনৰ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে সঞ্জীৱ ডেকা। উল্লেখযোগ্য যে, অনলাইন যোগেও ইয়াৰ টিকত বুক কৰিব পাৰিব গ্ৰাহকে। পাৰ্কখনত প্ৰৱেশৰ মাচুল এজনৰ বাবে ৬০০ টকা। ইতিমধ্যেই মুকলিৰ দিনাৰে পৰা পাৰ্কখনত যথেষ্ট লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আগন্তুক সময়তো গ্ৰাহকৰ মাত্ৰা দুগুণে বৃদ্ধি পোৱাৰ আশাপ্ৰকাশ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close