অসমআন্ত-ৰাষ্ট্ৰীয়ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

গুৱাহাটীত আকৌ আন্তঃৰাষ্ট্ৰীয় ফুটবল

বিশ্বজুৰি কাটাৰ ২০২২ বিশ্বকাপ ফুটবলৰ যােগ্যত্য নির্ণায়ক মেচৰ জ্বৰ অব্যাহত থকাৰ সময়তে অসমৰ ফুটবলপ্রেমীলৈ আহিছে আন এক সুখবৰ। ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ভাৰত-ওমানৰ মাজৰ মেচখন সফলভাৱে সামৰণি পৰাৰ পাছতেই আন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। দেশৰ ভিতৰতে গুৱাহাটীক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ সপােনক বাস্তৱত ৰূপায়িত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আন এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত কৰাৰ পােষকতা কৰা বুলি অসম ফুটবল সন্থাৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰে। ইতিমধ্যে অসম ফুটবল সন্থাই অনানুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰৰ সৈতে আলােচনাত মিলিত হৈছে। জানিব পৰা মতে ফিফাৰ অন্তর্গত বহিঃ ৰাষ্ট্ৰ দুখনৰ মাজত গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত হ’ব পাৰে। এই সন্দৰ্ভত অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্র নাথ ব্ৰহ্মৰ সৈতে হােৱা এক বার্তালাপত তেওঁ কয় ঃ ভাৰত-ওমানৰ মেচ সফলভাৱে সামৰণি পৰাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আন এখন আন্তঃৰাষ্ট্রীয় পর্যায়ৰ মেচ অনুষ্ঠিত কৰাৰ কথা প্রকাশ কৰিছিল। এই সন্দৰ্ভত আমি তেওঁৰ সৈতে অনানুষ্ঠানিকভাৱে আলােচনাত মিলিত হওঁ। কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ অনুষ্ঠিত কৰিবলৈ হ’লে আমি ফিফাৰ নিয়মসমূহ মানি চলিব লাগিব। তেওঁলােকৰ নিয়মনীতিৰ অধীনতহে আমি এই মেচখন অনুষ্ঠিত কৰিব পাৰিম। এই সন্দৰ্ভত আমি শীঘ্ৰেই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সৈতে আলােচনা কৰিম। তেওঁলােকৰ সহায়-সহযােগিতা পালেহে আমি মেচখন সফলভাৱে আয়ােজন কৰিব পাৰিম। অৱশ্যে ২০২০বৰ্ষত এই মেচখন আয়ােজন কৰিবলৈ চেষ্টা চলােৱা হ’ব। সি যিয়েই নহওক সর্বভাৰতীয় স্তৰত গুৱাহাটীক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ়ি তােলাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে ইতিমধ্যেই কেইবাটাও গুরুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। ক্রীড়া প্রতিভাক বিকাশ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে গ্রহণ কৰা পদক্ষেপক হয়তাে সকলােৱে আদৰণি জনােৱাৰ কথা চৰজমিন তদন্তত প্রকাশ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close