অসমবিশেষশীৰ্ষ

গুৰুজনাৰ অমৰ সৃষ্টি ভাওঁনাক জীয়াই ৰখাৰ প্ৰয়াস দুগৰাকী শিল্পীৰ

ৰূপজ্যোতি ভূঞা, কামপুৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওঁনা ।ভাওঁনাৰ লগত জড়িত থাকে সাজ সজ্জা আৰু মুখা শিল্প ।মুখা শিল্প,সাজ সজ্জা আৰু খনিকৰৰ কামক পেচা হিচাপে লৈ জীয়াই আছে বহু শিল্পীয়ে ।এই সকল শিল্পীয়ে অতি দুখ কষ্টৰ মাজত জীয়াই ৰাখিছে মহাপুৰুষ জনৰ অমৰ সৃষ্টিৰাজীক ।কামপুৰৰ দুই শিল্পী জ্যোতিষ বৰা আৰু হেমেন্দ্ৰ নাথে বিগত ৩২ টা বছৰে ভাওঁনাৰ ভাওঁৰীয়া সাজ প্ৰস্তুত কৰাৰ লগতে মুখা শিল্প আৰু খনিকৰ হিচাপে কাম কৰি আহিছে ।কোনো চৰকাৰী আচনি অথবা বেংকৰ ঋণ নলৈ নিজা প্ৰচেষ্টাৰে নিজা পৰিয়াল পোহ পাল দিয়াৰ লগতে আন দহজনক সংস্থাপন দি আহিছে।গুৰুজনাৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ মানস কৰা এই শিল্পী দুগৰাকী সকলোৰে আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close