অসমচিন্তাজগতপ্ৰৱন্ধবিশেষসম্পাদকীয়

গুৰুজনাক স্মৰণ

শংকৰদেৱ আছিল বহুমূখী প্ৰতিভাৰ অধিকাৰী

শংকৰদেৱক কেৱল ধৰ্ম প্ৰচাৰকৰূপে গণ্য কৰিলে তেওঁৰ প্ৰতিভাৰ প্ৰকৃত মূল্যায়ন কেতিয়াও সম্পূৰ্ণ নহয়৷ এখন ৰুগ্ন আৰু ভগ্ন সমাজত জ্ঞানৰ পোহৰ সিঁচিবলৈ তেওঁ অশেষ কষ্ট স্বীকাৰ কৰিছিল৷ অসমৰ সমাজ জীৱনলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ কোনো তুলনা নাই৷ তেওঁ ধৰ্মৰ নামত চলি থকা নানা অমানৱীয় আৰু অযুক্তিকৰ আচাৰ-আচৰণ নিৰ্মূল কৰিবলৈ যত্ন কৰিছিল৷ বলি-বিধান, জাতিভেদ প্ৰথা, অন্ধবিশ্বাস আদিৰ বিৰোধিতা কৰিছিল৷ শংকৰদেৱৰ সপোনৰ সমাজখন আছিল এখন আদৰ্শ সমাজ৷ সেইখন সমাজত আছিল সমতা আৰু মানৱতা, গণতান্ত্ৰিক প্ৰমূল্যবোধ৷

অসমীয়া মানুহৰ খাদ্য, সাজ-পাৰ, আচৰণ, মানসিকতা আদিৰ সংশোধন কৰি তেওঁ অসমীয়া সমাজখন সুস্থ কৰিব বিচাৰিছিল৷ তেওঁ সমাজৰ প্ৰতিটো সৰু-বৰ দিশৰ প্ৰতি চকু দিছিল, কাৰণ সমাজৰ মাত্ৰ দুটামান দিশৰ সংশোধন কৰি কেতিয়াও এখন সুস্থ সমাজ আশা কৰিব নোৱাৰি৷ নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে অসমীয়া সমাজখনৰ সংস্কাৰ সাধন কৰা শংকৰদেৱৰ এটা প্ৰধান উদ্দেশ্য আছিল৷

শংকৰদেৱৰ ধৰ্মমতত হত্যা-হিংসাৰ কোনো স্থান নাই৷ ভগৱানক সন্তুষ্ট কৰিবলৈ বলি-বিধানৰ কোনো প্ৰয়োজন নাই৷ শংকৰদেৱে উৰণ, বুৰণ, গজন, গমন- সকলো প্ৰাণীতে বিষ্ণু বা কৃষ্ণৰ স্থিতি অনুভৱ কৰাৰ শিক্ষা প্ৰদান কৰিছিল৷

সেয়ে তেওঁ কৈছিল- ‘ঈশস্বৰূপে হৰি সৱঘটে বৈঠহ জৈছন গগন বিয়াপি’ অথবা ‘সৱাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি’৷

তেওঁ অসমীয়া মানুহক শিকালে সকলোৰে মাজত একেই প্ৰাণ বিদ্যমান-
“কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম৷
জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷”
শংকৰদেৱৰ ধৰ্মত কোনো বিভেদ নাই৷ তেওঁ সমাজৰ সকলো লোকৰে উন্নতি আৰু মংগল কামনা কৰিছিল৷ তেওঁৰ দ্বাৰা প্ৰচাৰিত একশৰণ নামধৰ্ম প্ৰকৃতাৰ্থতেই ধৰ্ম আছিল৷ “মহাপুৰুষ শংকৰদেৱে দুখীয়া, নিছলা আৰু সামাজিক বিহীনসকলক আগত ৰাখি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল৷

শংকৰদেৱে অতি ধৈৰ্য, সাহস আৰু নিজৰ সুগভীৰ শাস্ত্ৰজ্ঞানৰ দ্বাৰা সংঘাতৰ মুখামুখি হৈছিল আৰু সফলতা অৰ্জন কৰিছিল৷
প্ৰকৃততে শংকৰদেৱে নৱ-বৈষ্ণৱ ধৰ্মৰ জৰিয়তে সাধাৰণ জনতাৰ মাজত গণতান্ত্ৰিক মূল্যবোধ জগাই তুলিলে৷ এই গণতান্ত্ৰিক মূল্যবোধে এখন সুস্থ সমাজ গঢ়াত বিশেষভাৱে অৰিহণা যোগালে৷ ফলত ই মানুহৰ মনবোৰক সংকীৰ্ণতাৰ পৰা বিশালতাৰ উচ্চ শিখৰলৈ লৈ গ’ল৷

সেইজনা মহাপুৰুষৰ আজি ৫৭০ সংখ্যক জন্মোৎসৱ। আজি হৰিনামৰ অমিয়া সুৰেৰে মুখৰিত ৰাজ্যৰ সত্ৰ, নামঘৰ। খোল প্ৰসংগ,নাম প্ৰসংগ আৰু ভাগৱত ভ্ৰমণৰে ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰিলে গুৰুজনাৰ জন্মজয়ন্তী ভাগ। মহাপুৰুষ জনাৰ জন্ম জয়ন্তীক লৈ পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ নামঘৰ সমূহত দেখিবলৈ পোৱা গ’ল এক আধ্যাত্মিক পৰিৱেশ। গুৰুজনাৰ শ্ৰী চৰণত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ আকাশ বতাহ। নামঘৰ, সত্ৰ সমূহত পুৱাৰ ভাগৰ পৰাই খোল প্ৰসংগ, নামপ্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰে গুৰুজনাক স্মৰণ কৰিলে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close