আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

গান গােৱা মাছ

মাছ আপুনি দেখিছে, হয়তাে খাইছেও। মাছে কি কি কৰিব পাৰে আপুনি সেই বিষয়ে জ্ঞাত। কিন্তু শেহতীয়াভাৱে বিশ্বত এনে এবিধ মাছ ওলাইছে যি গান গাব পাৰে। তাকো এটা দুটা নহয়, এই মাছবিধে গাইছে ১৮৪ টাকৈ গীত। অবিশ্বাস্য হলেও এই ঘটনা সঁচা। বৈজ্ঞানিকৰ এক গৱেষণাত এই তথ্য পােহৰলৈ আহিছে। এই বিশেষ মাছবিধ হৈছে আর্কটিক সাগৰত পােৱা বােহেড হােৱেল। ২০১০ ৰ পৰা ২০১৪ চনলৈ গ্রীনলেণ্ডত হােৱা এক বিশেষ সমীক্ষাত ৩০০ হােৱেলৰ ওপৰত গৱেষণা কৰি মাইক্রফোনৰ সহায়ত সিহঁতৰ গান শুনা গৈছিল। সেই সময়ত উক্ত গানবােৰ ৰেকর্ড কৰা হৈছিল। ভিন্ন সুৰৰ প্রায় ১৮৪ টা গান পােৱা গৈছিল। ইউনিভাৰচিটি অৱ ৱাশিংটনৰ সমুদ্র বিজ্ঞানী কেট ষ্টেফৰ্ডৰ মতে, বােহেড হােৱেল দেখা যায় ঠাণ্ডাৰ দিনত আৰু এই মাছবিধ ২৪ ঘণ্টা থাকে সাগৰীয় অন্ধকাৰময় গভীৰতাত। গানবােৰ প্রায় প্রতিবছৰে সলনি হয়। উল্লেখ্য, বােহেড হােৱেলে গীত গায় প্ৰজননৰ সময়ত। এই মাছ থাকে গভীৰ পানীত আৰু সিহঁতৰ মস্তিষ্ক দেখাত ধনু আকৃতিৰ হয়।।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close