অসমবিশেষভাল খবৰশীৰ্ষ

গহপুৰৰ এছ ডি পি অ’ তিলক দাসৰ মহানুভৱতা

ৰীতা গোৱালাৰ উচ্চ শিক্ষাৰ বাবে সহায়ৰ হাত

গহপুৰ মহকুমাৰ অন্তৰ্গত হেলেম চাহ বাগিচাৰ এগৰাকী মেধাবী ছাত্ৰী ৰীতা গোৱালা। শ্বহীদ মুকুন্দ কাকতি হাইস্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ

 

 

বিহালী ডিগ্রী কলেজৰপৰা এইবাৰ ৰাজনৈতিক বিজ্ঞানত প্ৰধান বিষয় হিচাপে লৈ স্নাতক (৭১%) ডিগ্রী লাভ কৰি গু

ৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ সুবিধা পাইছে। কাইলৈ নাম ভৰ্তি আছে। সেয়েহে আজি নিশা ৰীতা গুৱাহাটী অভিমুখে

 

ৰাওনা হ’ব। ইমান লৈকে সকলো ঠিকেই আছিল।কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ গৈ কিছু সমস্যাৰ সন্মুখীন হৈছে চাহ জনগোষ্ঠীয় সমাজৰ মেধাবী আৰু সংস্কৃতিৱান ছাত্ৰীগৰাকী। কিয়নো বিশ্ববিদ্যালয়়ত পঢ়িবলৈ ৰীতাক প্ৰয়োজন হব যথেষ্ট টকাৰ। আৰ্থিকভাবে দুৰ্বল পৰিয়াল এটাৰ বাবে ৰীতাৰ সকলো খৰছ যোগান ধৰিব পৰাটো কঠিন কাম। এই লৈ ৰীতাৰ লগতে পৰিয়ালবৰ্গও চিন্তাত পৰিছে। বহুতে সা

হস-অনুপ্ৰেৰণা যোগাইছে যদিও আৰ্থিকভাবে সহায় কৰাটো সকলোৱে বাবে সম্ভৱ নহয়। সকলোকে সকলো কথা স্পষ্টকৈ

ক’বও নোৱাৰে। বিশেষকৈ কাইলৈ নাম ভৰ্তিৰ বাবে প্ৰয়োজন কিছু টকাৰ। এই কথা জানিব পাৰি গহপুৰ মহকুমা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি নিলোৎপল ৰবিদাসে দুই-চাৰিগৰাকী মানৱদৰদী লোকৰ উপৰিও এগৰাকী সাংবাদিকৰ লগত আলোচনা কৰে। সাংবাদিকগৰাকীয়ে গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া তিলক দাসকো বিষয়টো অৱগত কৰে। আৰক্ষী বিষয়া গৰাকীয়ে লগে লগে ছাত্ৰী গৰাকীক তিনি হাজাৰ টকা সাংবাদিক গৰাকীৰ জৰিয়তে দিয়ে। তেখেতে আগলৈও এই মেধাবী ছাত্ৰী গৰাকীক মাজে-সময়ে উচ্চ শিক্ষাৰ ক্ষেত্রত সহায় হোৱাকৈ সামৰ্থ্য অনুযায়ী সহায় কৰিব বুলি কৈ ৰীতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। গহপুৰৰ এছ ডি পি অ’ তিলক দাসৰ এই মহানুভৱতাক আটছা নেতা নিলোৎপল ৰবি দাস, ৰীতা গোৱালাৰ পৰিয়াল বৰ্গৰ লগতে শুভাকাংক্ষীসকলে শলাগ লৈছে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close