ভাল খবৰশীৰ্ষস্বাস্থ্য

গভীৰ টোপনিৰ বাবে স্নান

 

টোপনি আৰু মানৱ শৰীৰ এক পৰিপূৰক শৃংখল। টোপনি অবিহনে শৰীৰে সঠিকভাৱে কাম কৰিব নােৱাৰে। দেহৰ প্রতিটো তত্ত্বৰ শৃংখলাবদ্ধ ত্রিয়াৰ বাবে টোপনি অপৰিহাৰ্য। মানুহ এজন নােখােৱাকৈ ২০ৰ পৰা ২৫ দিন বাছি থাকিব পাৰে। পানী অবিহনে ৭২ ঘণ্টা জীয়াই থাকিব পাৰে। কিন্তু ৭২ ঘণ্টাত এজন মানুহে টোপনি নােহােৱাকৈ জীয়াই থাকিব নােৱাৰে। তেনেস্থলত টোপনি মানৱ শৰীৰৰ বাবে কিমান লাগতিয়াল সেয়া সহজে অনুমেয়। টোপনি সঠিক নহলে পৰৱর্তী দিনটো অলস অলসভাৱে কটাবলগীয়া হয়। শৰীৰ সম্পূৰ্ণৰূপে কার্যক্ষম হৈ নুঠে। তদুপৰি পাচনতন্ত্ৰটো প্ৰভাৱ পেলায়। বহু ক্ষেত্ৰত দেখা যায় যে সঠিক হাৰত টোপনি নহলে মানৱ শৰীৰ বহুতাে বিপাকীয় ক্রিয়া সঠিক হাৰত ঘটা দেখা নাযায়। ইয়াৰ উপৰি শৰীৰত সকলাে অংগ-প্রত্যংগ আৰু কোষ কলাক বিশ্রাম দিয়াৰ বাবে টোপনি দৰকাৰ। সঠিক হাৰত টোপনি নহলে মানসিক চাপ বৃদ্ধি পােৱাৰ লগতে ৰক্ত সঞ্চালনৰ ক্ষেত্ৰতাে বিৰূপ প্রভাৱ পেলায়। সেয়ে সঠিক হাৰত টোপনি মৰাটো প্রয়ােজনীয়।

বহু ক্ষেত্ৰত দেখা যায় যে বহুতৰে নিশা টোপনি গভীৰ নহয়। চিলমিলিয়া টোপনিয়ে পৰৱর্তী দিনত দেহক সম্পূর্ণ কার্যক্ষম হৈ উঠাত বাধা দিয়ে। সেয়ে নিশা সঠিক হাৰত আৰু গভীৰ টোপনি অহাটো বাঞ্ছনীয়। নিশাৰ ভাগত ৭-৮ ঘণ্টা গভীৰ টোপনি আহিলে দেহৰ প্রতিটো কোষ-কলা, স্নায়ুতন্ত্র কার্যক্ষম হৈ থাকে। শেহতীয়াকৈ টেক্সছ বিশ্ববিদ্যালয়ৰ বায়’মেডিকেল ইঞ্জিনীয়াৰে গভীৰ টোপনিৰ ক্ষেত্ৰত রানৰ ভূমিকাক লৈ এক নতুন পথৰ সন্ধান লাভ কৰিছে। বিশ্ববিদ্যালয়খনৰ গৱেষকসকলৰ মতে মানৱ শৰীৰৰ উষ্ণতা সঠিক অৱস্থাত বৰ্তাই ৰাখিলে টোপনি গভীৰ হয়। এইক্ষেত্ৰত শৰীৰক গৰম অথবা ঠাণ্ডা পানীৰে গা ধুলে টোপনিৰ ক্ষেত্ৰত সঠিক প্রভাৱ পৰে। ৫,৩২২ গৰাকী লােকৰ ওপৰত চলােৱা গৱেষণাৰ পৰা লাভ কৰা তথ্য অনুসৰি ৪০-৪২ ডিগ্রী চেলছিয়াছ উষ্ণতাৰ সময়ত অর্থাৎ গ্রীষ্মকালত গভীৰ টোপনিৰ বাবে শােৱাৰ ৯০ মিনিট আগত গা ধােৱা উচিত। ইয়াৰ ফলত বিছনাত বাগৰাৰ ১০ মিনিট পিছতে টোপনি গভীৰ হৈ পৰে। ইয়াৰ প্ৰধানতঃ কাৰণটো হ’ল শােৱা আৰু আমাৰ দেহৰ কেন্দ্ৰীয় উষ্ণতা কার্ডিয়ান ক্লকে নিয়ন্ত্রণ কৰে, যি মস্তিষ্কত অৱস্থিত। এই কোষে ২৪ ঘণ্টাত বিভিন্ন জৈৱ বিপাকীয় ক্ৰিয়াৰ যােগেদি শৰীৰ উষ্ণতা আৰু টোপনিৰ সৈতে সুস্থিতা অটুট ৰাখে আৰু শােৱাৰ আগত স্নান কৰিলে দেহৰ কেন্দ্রীয় উষ্ণতা টোপনিৰ সৈতে ৰিজোৱাৰ ক্ষেত্ৰত সহায় কৰে। সেয়ে নিশা গভীৰ টোপনিৰ বাবে শােৱাৰ। ডেৰ ঘণ্টাৰ আগত স্নান কৰা উচিত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close