অসমবিশেষশীৰ্ষ

গছ-লতাক ভালপোৱা এগৰাকী আৰক্ষী বিষয়া

খগেন্দ্ৰ ৰাভা

যথেষ্ট কৰ্ম ব্যস্ততাৰ মাজতে প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে দুধনৈ আৰক্ষীয়ে ৷ দুধনৈ আৰক্ষী থানাৰ বিষয়া গৰাকীয়ে নিজৰ কৰ্ম ব্যস্ততাৰ মাজতে গছ পুলি ৰোপণেৰে প্ৰকৃতি প্ৰেমীৰ এক নিদৰ্শন দাঙি ধৰিছে ৷ ইতিমধ্য চাৰি হেজাৰতকৈ অধিক গছপুলি ৰোপণ৷আৰক্ষী বিষয়া গৰাকীৰ নাম মুকূট কাকতি ৷

সম্প্ৰতি মুকূট কাকতি দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত ৷ দুধনৈ থানাত নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আৰক্ষী বিষয়া গৰাকীয়ে নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্ত্বব্য আৰু দায়িত্ব পালন কৰাৰ উপৰিও সামাজিক কৰ্মক্ষেত্ৰত অতঃপ্ৰত ভাৱে জড়িত হৈ পৰে ৷ প্ৰকৃতি প্ৰেমী আৰক্ষী বিষয়া গৰাকীয়ে দুধনৈ থানা এলেকাৰ অন্তৰ্গত ৪২ খন ভিডিপি গাৱ সামৰি গাওঁৰক্ষী বাহিনী আৰু ৰাইজৰ সহযোগত গছ পুলি ৰোপণেৰে সেউজীকৰণ কৰি প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰয়াস কৰিছে ৷ ইতিমধ্যে ৩০ খন গাওঁৰক্ষী বাহিনীৰ গাৱত চাৰি হেজাৰতকৈ অধিক গছপুলি ৰোপণ কৰিছে আৰু নেট, বাহৰ বেৰ দি গছপুলি বোৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে ৷ উল্লেখ্য যে, গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা পাবলৈ আৰু প্ৰকৃতি সুৰক্ষা কৰিবলৈ হলে আমি গছ ৰোপণ কৰিবই লাগিব তেতিয়াহে আমিও সুৰক্ষা থাকিম ৷ সেই উদ্দেশ্যে প্ৰকৃতিপ্ৰেমী আৰক্ষী গৰাকীয়ে দুধনৈত গাৱৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাজপথ, গড়কাপ্তানি পথৰ দাতিত, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ চৌহদত গছপুলি ৰোপণ কৰি সুৰক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সজাগতা শিৱিৰও অনুষ্ঠিত কৰিছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close