বিশেষশীৰ্ষস্বাস্থ্য

খেজুৰৰ উপকাৰিতা

খেজুৰ এবিধ শ্রেষ্ঠ পুষ্টিকৰ ফল।খেজুৰত আছে ভিটামিন-এ, ভিটামিন-বি কমপ্লে’, ভিটামিন-কে, মেগনেছিয়াম, মেংগানিজ পেন্টোথেনিক এচিড, কার্বহাইড্রেট, কেলছিয়াম, আইৰন আদি। ইয়াৰ গুণাগুণ সম্পর্কে তলত উল্লেখ কৰা হ’ল— খেজুৰত গ্লুক’জ, চুক্রজ আৰু ফুক্টজ কার্বহাইড্রেট থাকে। সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পােৱা যায়। ডায়েবেটিছ ৰােগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত ছুগাৰ কাৰ্বহাইড্রেত বা চেনি খােৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে। খেজুৰ খালে কোষ্ঠকাঠিন্য আঁতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেইটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব খােলােচা হয়। প্রতি ১০ গ্রাম শুকান খেজুৰত ০.০৯ গ্রাম আইৰন পােৱা যায়। ১০০ গ্রাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰ বাবে প্রয়ােজনীয় আইৰনৰ ১১ শতাংশ পাব পাৰোঁ। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়। খেজুৰত যথেষ্ট পৰিমাণৰ পােষক দ্রব্য থকা বাবে হাড় আৰু মাংসপেশী মজবুত হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বােৰ মজবুত কৰে বাবে অষ্টিঅ’ আর্থইটিচ নামৰ বাতবিষ সহজে নহয়। খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আঁতৰ হােৱাৰ উপৰি দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়। গৰ্ভৱতী মহিলাই খেজুৰ খােৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰন থকা বাবে গৰ্ভৱতী মহিলাৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্রসৱৰ সময়ত ৰক্তক্ষণ কমকৈ হয়। প্রসৱ বেদনা কমকৈ হােৱা বাবে সহজে সন্তান প্রসৱ কৰিব পাৰে। আয়ুর্বেদিকৰ চৰক সংহিতাত উল্লেখ আছে যে খেজুৰ আৰু কিচমিচ গৰুৰ ঘিউত ভাজি একেলগে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌনক্ষমতা বাঢ়ে আৰু পুৰুষৰ শুক্র বৃদ্ধি হয়। সেয়েহে সন্তানহীনসকলৰ বাবে খেজুৰ বিশেষ উপকাৰী।। খেজুৰে শৰীৰ ধাতু পােষণ কৰি শক্তি যােগাই। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে ৫ টাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়।। চর্দি, কাহ আৰু পানী লগাত খেজুৰে অমৃতৰূপে কাম কৰে। প্রতিদিনে ৪/৫ টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চর্দি, কাহ, পানীলগা আৰু শ্বাস-প্রশ্বাস ৰােগ ভাল হয়। খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডা দিনত বৃদ্ধ ব্যক্তিসকলে গাখীৰৰ সৈতে খেজুৰ খাব লাগে। খেজুৰ এবিধ শ্রেষ্ঠ এন্টিঅক্সিডেন্ট হােৱা বাবে শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধি কৰে। যাৰ ফলত মানুহ ৰােগমুক্ত হৈ থাকিব পাৰে। যিকোনাে বেমাৰৰ বীজাণুৱে সহজে আক্রমণ কৰি ৰুগীয়া কৰিব নােৱাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close