আন্ত-ৰাষ্ট্ৰীয়বিনোদনবিশেষশীৰ্ষ

ক্লাছ ৰুমত এগৰাকী ব্যতিক্রমী শিক্ষয়িত্রী

দেহতন্ত্রৰ বডিচ্যুট পিন্ধি শিক্ষাদান

ছাত্র-ছাত্ৰীক বিষয় বুজাই দিয়াৰ বাবে শিক্ষকসকলে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। পূর্বতে চেকনিৰ আগত বিদ্যা বুলি সকলােৱে কৈছিল। সেই অনুসাৰে শিক্ষাদান হৈছিল। কিন্তু এতিয়া কায়িক শাস্তি শিক্ষা ব্যৱস্থাত অপৰাধ।

তেনে অৱস্থাত ছাত্ৰ-ছাত্ৰীক পাঠ্যক্রম বুজোৱাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয় শিক্ষকসকলে। তাতে যদি বিজ্ঞানৰ দৰে পাঠ্যক্রম হয় কঠিনতা আৰু বৃদ্ধি পায়। শেহতীয়াকৈ স্পেইনৰ এগৰাকী শিক্ষয়িত্ৰীৰ এখন ছবি সমগ্র বিশ্বতে ভাইৰেল হৈ পৰিছে। ছাত্র-ছাত্রীক মানৱ দেহৰ আভ্যন্তৰীণ অংগ-প্রত্যংগৰ বিষয়ে বুজোৱাৰ বাবে স্পেনিছ শিক্ষয়িত্ৰী ভেৰােনিকা ডুৱেকে বডিচুট পিন্ধি শিক্ষার্থীক শিক্ষা দান কৰে।তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক এই কঠিন পাঠ্যক্রম বুজাই দিয়াৰ বাবে ভেৰােনিকাই মানৱ দেহৰ আভ্যন্তৰীণ অংগ-প্রত্যংগৰ আৰ্হি সম্ফলিত বডিচুট পিন্ধি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰে। ৪৩ বছৰীয়া এই শিক্ষয়িত্ৰীগৰাকীৰ এই শিক্ষাদান পদ্ধতিয়ে সকলােকে উৎসুক কৰি তুলিছে। এই সন্দৰ্ভত ভেৰােনিকাই কয় যে মানৱ দেহৰ আভ্যন্তৰণ অংগ-প্রত্যংগৰ অৱস্থান তথা কাম-কাজ সম্বন্ধে কণ কণ শিশুক বুজাই দিয়াটো অতি কঠিন কাম। সেয়েহে তেওঁ বডিচ্যুটত শৰীৰৰ আন্তঃ তন্ত্ৰৰ চিত্র সম্ফলিত বডিচুটেৰে শিক্ষাদান কৰাৰ পদ্ধতি অৱলম্বন কৰে। উল্লেখ্য যে ছ’চিয়েল মিডিয়াত এই ফটো ভাইৰেল হৈ পৰিছে। সমগ্র বিশ্বত ১৩ হেজাৰ ৰি-টুইট কৰা হৈছে আৰু ৬৬ হেজাৰ লাইক হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close