আন্ত-ৰাষ্ট্ৰীয়ক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ ৰোনাল্ডৰ

লুকচেমবোর্গৰ বিৰুদ্ধে পৰ্টুগালৰ জয়

পৰ্টুগাল দলৰ হৈ কালি নিশা ইউৰোপীয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা নিৰ্ণায়ক মেচত লুকচেমবোর্গৰ বিৰুদ্ধে এটা গ’ল দি ক্ৰিষ্টিয়ান ৰোনাল্ডৱে কেৰিয়াৰৰ ৭০০টা গ’ল সম্পূৰ্ণ কৰিছে। গ্রুপ ‘বি’ৰ মেচখনত ৰোনাল্ডৱে পৰ্টুগালৰ হৈ প্ৰতিদ্বন্দী লুকচেমবোর্গৰ বিৰুদ্ধে ৬৫মিনিটত এটা গ’ল দিয়ে। এই গ’লটোৰে কেৰিয়াত ৭০০টা গ’ল দিয়া গৌৰৱ অৰ্জন কৰিছে ৰোনাল্ডৱে। মেচখনত পৰ্টুগাল দলটোৱে প্ৰতিদ্বন্দী লুকচেমবোর্গৰ বিৰুদ্ধে ৩-০গ’লৰে জয় লাভ কৰে। মেচখনৰ আৰম্ভণিৰে পৰা দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা পৰ্টুগালে প্ৰতিদ্বন্দীৰ বিৰুদ্ধে প্ৰথমটো গ’ল দিয়ে ১৬মিনিটত। বেৰনাৰ্ড ছিলভাই দলটোৰ হৈ এই গ’লটো দিয়ে। আনহাতে ৬৫মিনিটত ৰোনাল্ডৱে দলটোৰ হৈ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে দ্বিতীয়টো গ’ল দিয়ে। আনহাতে ৮৯মিনিটত গণচাল’ গুডিছে দলটোৰ হৈ তৃতীয়টো গ’ল দিয়ে। আনহাতে লুকচেমবোর্গ দলটোৱে পৰ্টুগালৰ বিৰুদ্ধে গ’ল দিয়াৰ বাবে অপ্ৰাণ চেষ্টা চলাই যদিও সফল নহয়। ফলত পৰ্টুগালৰ হাতত ৩-০গ’লৰে পৰাস্ত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close