অসমভাল খবৰশীৰ্ষ

কেৰাচিন তেলৰ পোহৰত পঢ়ি জিলিকিল ঢকুৱাখনাৰ মনোজ

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, ভাল খবৰ: উৰুখা পঁজাৰ পৰাই ঢকুৱাখনাৰ জালভাৰী গাঁৱৰ নিবাসী ক্ষিৰেচৰ কলিতা আৰু মাতৃ ভৱানি কলিতা পুত্ৰ মনোজ কলিতাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কলা শাখাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ঢকুৱাখনা মহাবিদ্যালয়ৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। মনোজে কেৰাচিন তেলৰ পোহৰত পঢ়িয়েই পৰীক্ষা দি ৫ টা বিষয়ত লেটাৰ মাৰ্ক সহ ডিষ্টিংচন লাভ কৰি মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে।

উল্লেখযোগ্য যে, কৃতী ছাত্ৰগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। ভৱিষ্যতে সুনাগৰিক হৈ এজন প্ৰবক্তা হোৱাৰ মন মেধাৱী ছাত্ৰ গৰাকীৰ। ছবি আঁকি ভাল পোৱা মেধা ছাত্ৰ গৰাকীয়ে বেলেগ ছাত্ৰ দৰে ঘণ্টা ঘণ্টা ধৰি পঢ়ি থকা নাছিল। যিহেতু কৃতী ছাত্ৰগৰাকীৰ পিতৃ এগৰাকী খেতিয়ক। খেতিয়কৰ পুত্ৰ হয় যদিও মনোজে কোনোদিনে হতাশ হোৱা নাছিল। পিতৃক পথাৰত হাল বাই সহায় কৰাৰ উপৰিও মাতৃক ঘৰুৱা কামত সহায় কৰি গৈছিল মনোজে। মনোজে কয় যে একাগ্ৰতা থাকিলে যিকোনো পৰিৱেশতে ছাত্ৰ -ছাত্ৰীয়ে অধ্যয়ন কৰি সফলতা লাভ কৰিব পাৰে।

ছাত্ৰগৰাকীৰ এনে সফলতাত উছাহৰ ঢল বৈছে জালভাৰী গাঁৱত। চাকৰি পোহৰত পঢ়ি জীৱন গঢ়াৰ সপোন দেখা মেধাৱী ছাত্ৰ গৰাকীৰ নাছিল পঢ়িবলৈ চকী-টেবুল, নিজৰ বিচনাখনকেই টেবুল হিচাপে লৈছিল। কিতাপ – বহীৰ বাবে অভাৱত ভুগিছিল মনোজ। সময় মতে কিতাপ – বহি কিনাৰো সামর্থ্য নাছিল পৰিয়লটো।

উল্লেখ্য যে অতি দুখীয়া পৰিয়ালৰ ছাত্ৰ মনোজৰ পিতৃয়ে খেতি কৰি কোনোমতে পৰিয়ালটো পুহপাল দি আহিছে। মনোজৰ দৰে এনে এটুকুৰা হীৰাক উজলাই তুলিবৰ বাবে জাতীয় সংগঠন তথা শুভাকাংক্ষীৰ পৰা সহায় বিচাৰিছে পৰিয়ালটোৱে। দৰিদ্ৰ ছাত্ৰ জনক কোনো লোকে সহায় কৰিব বিচাৰিলে  ৮১৩৫৮৩১২৩৪ ম’বাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।

 

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close