বিশেষশীৰ্ষ

কেচেলুৱা তামােলৰ সেন্দুৰীয়া ৰং

মেচেৰ আলী আহমেদ

ভাৰতীয় অর্থনীতিত অসমৰ চিকনী চুপাৰিৰ অৰিহণা যথেষ্ট। অসমৰ এই চিকনী চুপাৰি প্ৰস্তুত কৰাৰ প্ৰধান ঠাই হল বৰপেটা জিলাৰ কৃষিপ্রধান নগৰ হাউলী। হাউলী নামৰ এই সৰু ঠাইখন তামােল-পাণৰ বাবে বিখ্যাত। এই কথা ভূগােলৰ পাতে পাতে সােণালী আখৰেৰে জিলিকি আছে। বহুবৰ আগৰে পৰা হাউলীত চিকনী চুপাৰি উদ্যোগ গঢ়ি উঠে। হাউলীৰ চিকনী চুপাৰি উদ্যোগে সম্প্রতি ভাৰতীয় অর্থনীতিত বিশেষ প্রভাৱ বিস্তাৰ কৰিছে। এই উদ্যোগে আমাৰ অথনীতিত বিশেষ অৰিহণা যােগােৱাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ পথ সুচল কৰিছে অনুসন্ধানমূলক প্রতিবেদন হিচাপে হাউলীৰ চিকনী চুপাৰি উদ্যোগৰ বিষয়ে কিছু লিখিবলৈ প্রয়াস কৰা হৈছে। কেঁচা তামােলৰ পৰা তৈয়াৰ কৰা চিকনী চুপাৰিবােৰে হ’ল বর্তমান বজাৰত পােৱা পাণ-মছলাৰ কেঁচা সামগ্রী। এই চিকনী চুপাৰি বর্তমান হাউলীত প্রস্তুত কৰা হয়। হাউলীৰ বাহিৰেও বৰপেটাৰােড, সৰভােগ, বঙাইগাঁও জিলাৰ বিজনী আৰু দৰং জিলাৰ খাৰুপেটীয়াত প্রস্তুত কৰা হয়। আজিৰ পৰা কেবা বছৰ আগতে ৰাজস্থানৰ পৰা অহা দুজনমান মাৰােৱাৰী লােকে হাউলী অঞ্চলত এই ব্যৱসায়ৰ পাতনি মেলে। বর্তমানে হাউলী অঞ্চলত এই ব্যৱসায়ে এটা ক্ষুদ্র উদ্যোগত পৰিণত হৈছে। বিভিন্ন দিশৰ ওপৰত আলােকপাত কৰিলে এইটো স্পষ্টকৈ প্রতীয়মান হৈছে যে চিকনী চুপাৰিৰ ব্যৱসায়ে ক্ষুদ্র উদ্যোগৰ জৰিয়তে অর্থনীতিৰ দিশত লাভৱান হােৱাৰ উপৰি বৃহত্তৰ গ্রামাঞ্চলৰ দুখীয়া লােকৰ বহু পৰিয়ালক কর্ম সংস্থাপন দিবলৈয়াে সক্ষম হৈছে। চিকনী চুপাৰি প্ৰস্তুত কৰিবলৈ এই শ্রমবহুল আৰু ব্যয়বহুল প্রক্রিয়াৰ মাজেৰে আগবাঢ়িব লাগে। চিকনী চুপাৰি প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰা হয় আহিন-কাতি মাহৰ পৰা ফাগুন-চত মাহলৈকে । এই সময়খিনিক অসমৰ তামােল গছবােৰ কেঁচা তামােলেৰে ভৰপূৰ হৈ থাকে। এই কেঁচা তামােলবােৰ বৰপেটা জিলাৰ হাউলী, বৰপেটাৰােড, সৰভােগ, পাঠশালা, পাটাছাৰকুছি, সৰ্থেবাৰী, তাৰাবাৰী, বহৰি, মন্দিয়া, কয়াকুছি, কলগাছিয়া, খৰিচালা, জনীয়া, গুনিয়ালগুৰি, জনতাবজাৰ, বালিকুৰি, শালবাৰী, আনন্দবজাৰ, শিমলা, ৰূপহী, জালাহ, নলবাৰী জিলাৰ বৰমা, তামােলপুৰ, ধমধমা, নিকাছি, দৰং জিলাৰ খাৰুপেটীয়া, দলগাঁও, মঙলদৈ ছিপাঝাৰ, ডুমুনিচকী, কামৰূপ জিলাৰ ৰঙিয়া, বাইহাটা চাৰিআলি, বঙাইগাঁও জিলাৰ বিজনী, মাণিকপুৰ, গােৱালপাৰা জিলাৰ দুধনৈ, কৃষ্ণাই, নগৰবেৰা আদি বিভিন্ন অঞ্চলৰ বজাৰৰ পৰা ব্যৱসায়ীসকলে সংগ্রহ কৰে। সঁজুলিসমূহৰ ভিতৰত ডাঙৰ লােৰ কেৰাহী, পিতলৰ ডাঙৰ ডেক, কেৰাহীৰ গৰম পানীৰ ৰা তামােল উঠো লােৰ চেকনি, তামােল সৰু-ডাঙৰ বাছনি কৰিবৰ বাবে লােৰ লােক ছেকনি, মৈদা, লােৰ চেপেনা, (সন্যাসী), বাঁহৰ ঢাৰি, বস্তা, খৰাহি, বাঁহ আদিয়েই প্রধান। উদ্যোগ সৰু বা ডাঙৰ তাৰ ওপৰতে সঁজুলিৰ সংখ্যা নির্ভৰ কৰে। আৱশ্যকীয় সঁজুলিৰ সহায়ত এক কষ্টকৰ প্ৰক্ৰিয়াৰে চিকনী চুপাৰি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰা হয়। প্রথমে কেঁচা তামােলৰ গােটে গােটে লােৰ ডাঙৰ কেৰাহীত পানীৰে সিজোৱা হয়। সিজোৱাৰ পিছত ইয়াক লােকৰ ডাঙৰ ছেকনিৰে তুলি আনি বাঁহৰ খৰাহীত থােৱা হয়। এই সিজোৱা তামােলবােৰ দৈনিক হাজিৰা শ্ৰমিকৰ দ্বাৰা বাকলি গুচোৱা হয়। | বাকলি গুচোৱা কামবােৰ মহিলা আৰু ল’ৰা-ছােৱালীবােৰে কৰে। বাকলি গুচোৱা তামােলবােৰৰ পৰা আঠা গুচাবৰ কাৰণে পুনৰ ইয়াক উতলা পানীত কিছু সময়ৰ বাবে ৰখা হয়। পানীৰ পৰা তুলি আনি মুকলি পথাৰত ঢাৰি পাৰি তিনি-চাৰি দিনমান ৰ’দত শুকাই লােৱা হয়। কিছুদিনে সিজোৱা তামােলবােৰ মাটিত গাত খান্তি তাত ছালফাৰৰ সহায়ত গেছ দিয়ে। এই গেছ দিলে চুপাৰিৰ উজ্বল ৰঙা হয়। কিন্তু গেছ দিয়া তামােলবােৰ স্বাস্থ্যৰ বাবে অধিক ক্ষতিকাৰক। গেছ দিয়া তামােলৰ ওজন বৃদ্ধি হয় আৰু সােনকালে তাত ভেকুৰে আক্ৰমণ কৰিব নােৱাৰে। ৰ’দত দি | শুকোৱা তামােলবােৰ ঘৰলৈ আনি পকা (সুবিধা অনুসৰি কেঁচা) মজিয়াত থৈ বাৰে ঢাকি থােৱা হয়। এইদৰে থৈ দিলে তামােলবােৰ কোমল হয়। পিছত এই কোমল তামােলবােৰ লােৰ চেপেনাৰে (চুপাৰি উদ্যোগত সন্যাসী। | বােলা হয়) চেপেটা কৰি পুনৰ প্ৰখৰ ৰ’দত শুকোৱা হয়। কিছুদিন পিছত এই তামােলবােৰেই চিকনী চুপাৰিত পৰিণত হয়। কেঁচা তামােলৰ পৰা চিকনী চুপাৰিবােৰ তৈয়াৰ কৰা হয় যদিও তামােলৰ প্ৰকাৰ ভেদে আঠ প্রকাৰৰ । চুপাৰি উদ্যোগসমূহে তৈয়াৰ কৰে। এই চুপাৰিবােৰ ভাৰতৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয়। চুপাৰিৰ প্ৰকাৰ ভেদে বজাৰত ইয়াৰ মূল্য বেলেগ বেলেগ হয়। কজলা কাপলাৰ প্রতি কেজি ৪৫০ টকা, ছেপটি-৪২০ টকা কেজি, গৰছাফ প্রতি কেজি ৪০০ টকা, সাগৰৰ প্রতি কেজি-৩৯০ টকা, পানীৱালা- ৩৫০ টকা, ৰথা- ২৮০ টকা কেজি আৰু চুৰা চিকনি চুপাৰীৰ দাম প্রতি কেজি-২৬০ টকা। সময়ে সময়ে চুপাৰীৰ দাম সলনি হৈ থাকে। কেতিয়াবা দাম বাঢ়ে আৰু কেতিয়াবা কমে। মধ্যমতকৈ কিছু বেছি পূৰঠ হােৱা কেঁচা তামােলৰ পৰা উৎপাদিত চুপাৰিৰ নাম | ‘ডাঙৰ চাপৰা। ইয়াক খােৱাৰ কাৰণে ব্যৱহাৰ কৰা হয়। দিল্লী, মুম্বাই, বিহাৰ, নাগপুৰ, যােধপুৰ আদি টাইত ইয়াৰ চাহিদা বেছি। সৰ চাপৰা’ চুপাৰিবােৰ উপৰােক্ত তামােলৰ পৰা তৈয়াৰ কৰা হয় আৰু উক্ত কেইখন ঠাইতে ইয়াৰ চাহিদা বেছি। সম্পূর্ণ পূৰঠ কেঁচা তামােলৰ পৰা উৎপাদিত চিকনী চুপাৰিৰ নাম হ’ল সৰ বােথা’ আৰু ডাঙৰ বােথা। সৰু বােথা পাণ মছলা প্রস্তুত কৰাত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ চাহিদা ৰাজস্থানত বেছি। ডাঙৰ বােথাৰ চাহিদা তামিলনাড়ু আৰু পশ্চিমবংগত বেছি। ইয়াক চুটকি, পাণ পৰাগ, ৰজনী গন্ধা, গীতাঞ্জলী আদি পাণ মছলা তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। একেবাৰে পূৰঠ নােহােৱা, ভিতৰত অলপ পানী থকা কেঁচা তামােলৰ পৰা তৈয়াৰ কৰা চুপাৰিৰ নাম পানীৱালা। ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশত ইয়াৰ চাহিদা বেছি। ভিতৰত সম্পূর্ণ পনীয়া হৈ থকা কেঁচা তামােলাৰ পৰা তৈয়াৰ কৰা চুপাৰিক বােলা হয় ‘গােঙলা’, বিহাৰত ইয়াৰ চাহিদা বেছি। সিজোৱা তামােল বাকলি গুচাওতে বা চেপেনাৰে চেপােতে কটা গলে বা ফাটি গলে ইয়াক শুকোৱাৰ পিছত তৈয়াৰ কৰা চুপাৰিক চুৰা বােলা হয়। ইয়াৰ চাহিদা যােধপুৰ বেছি। বজাৰত পােৱা বিভিন্ন ধৰণৰ পাণ মছলাবােৰ উপৰােক্ত চিকনী চুপাৰিৰ পৰা তৈয়াৰ কৰা হয়। কেঁচা তমােল কিনাৰ বাবে প্রয়ােজন হয় এক লাখ টকা। কেঁচা তামােল বজাৰৰ পৰা অনাৰ বাবদ ট্রাক ভাৰা সাত হাজাৰ টকা। সিজোৱাৰ বাবে খৰি কিনাৰ বাবে বিশ হাজাৰ টকা। বিভিন্ন সঁজুলি কিনাৰ বাবদ ত্রিশ হাজাৰ টকা। কৰ্মচাৰীৰ দৰমহাৰ বাবদ নব্ৰৈ হাজাৰ টকা। ইয়াৰ উপৰি পঞ্চাশ হাজাৰ টকাৰ পৰা এক লাখ টকাৰে অতি ক্ষুদ্রভাৱে এই ব্যৱসায় বহুতে চলাই আছে। বহুতাে শিক্ষিত যুৱকে হাউলীৰ চুপাৰি উদ্যোগৰ জৰিয়তে নিজে কর্মসংস্থানত ব্রতী হােৱাৰ লগতে বহুতাে দুখীয়া পৰিয়ালৰ ভৰণ-পােষণত সহায় কৰিব পাৰিছে। বর্তমান এই অঞ্চলত প্রায় দুশটা সৰু-বৰ উদ্যোগ স্থাপিত হৈছে। এই উদ্যোগসমূহৰ প্রত্যেকটো প্রত্যক্ষভাৱে নিযুক্তি কর্মচাৰীৰ সংখ্যা দহৰ পৰা পঞ্চাশজনলৈ আছে। এওঁলােকৰ মাহিলি দৰমহা পাঁচ হাজাৰ টকাৰ পৰা বিশ হাজাৰ টকালৈকে। কর্মানুসৰি কৰ্মচাৰীক দৰমহা দিয়া হয়। আকৌ পৰােক্ষভাৱে (দৈনিক হাজিৰাসহ) প্রতিটো উদ্যোগত চল্লিশজনৰ পৰা এশ জনলৈকে মহিলা শ্রমিক, যুৱক-যুৱতীয়ে কাম কৰি আছে। এই শ্ৰমিকসকলে দৈনিক পােন্ধৰৰ পৰা পঞ্চাশ টকা পর্যন্ত শ্রম মাননি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে হিচাপ কৰিলে দেখা যায় যে উক্ত উদ্যোগসমূহত প্রত্যক্ষভাৱে দুই হাজাৰ আৰু পৰােক্ষভাৱে পােন্ধৰ হাজাৰ লােকে কর্মসংস্থাপন পাইছে। ইয়াৰ উপৰি সিজোৱা তামােলৰ বাকলি সমূহ ৰ’দত ভালদৰে শুকাই ইয়াৰ প্ৰতিটো ডাঙৰ বক্তাত পঞ্চাশ টকাৰ পৰা এশ টকা পর্যন্ত বিক্ৰী কৰা হয়। ধনী দুখীয়া উভয় শ্ৰেণীৰ লােকে ইন্ধন হিচাপে এই বাকলিবিলাক ব্যৱহাৰ কৰে। নানা জাতি-ধর্ম, সম্প্রদায়ৰ লােকে এই উদ্যোগসমূহ চলাই আছে। প্রকৃততে চুপাৰি উদ্যোগৰ শ্ৰমিকসকলে তেওঁলােকৰ প্রকৃত মূল্য এতিয়াও পােৱা নাই। কর্ম নথকাৰ কাৰণেহে তেওঁলােকে নূন্যতম মজুৰিত শ্ৰমদান কৰিব লগা হৈছে। জীৱন বীমাৰ কোনাে ব্যৱস্থাও এই উদ্যোগসমূহত নাই। নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলে জিলা উদ্যোগ কেন্দ্ৰৰ সহযােগত বেংকৰ পৰা ঋণ লৈ এই উদ্যোগসমূহ চলাব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close