বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

কুকুৰেই বাঘ : বান্দৰৰ পৰা পৰিত্ৰাণ পােৱাৰ অভিনৱ পন্থা কর্ণাটকৰ কৃষকৰ নতুন কৌশল

কর্ণাটকৰ পথাৰত এতিয়া ঢেকীয়াপতিয়া বাঘৰ ৰাজত্ব।দূৰৰ পৰা দেখিলে কর্ণাটকৰ ছিভামােগা অঞ্চলৰ পথাৰবিলাকত দেখা পাব বাঘ।পিছে অকস্মাৎ দেশত বাঘৰ সংখ্যা বৃদ্ধি পােৱা বুলি যদি ভাবিছে তেন্তে সেয়া অমূলক। কাষৰ পৰা যদি চায় গম পাব সেয়া বাঘ নহয় অন্য এক জন্তু।

কর্ণাটকৰ ছিভামােগাত বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে এক নতুন কৌশল আৱিষ্কাৰ কৰিছে।গাঁওখনত থকা কুকুৰবিলাকক ৰং সানি সজাই তােলা হৈছে বাঘৰ বেশত। ফলত বান্দবিলাকৰ উপদ্ৰৱ কমিবলৈ ধৰিছে। এটা সময়ত অঞ্চলটোত বান্দৰৰ উপদ্ৰৱ ইমানেই বৃদ্ধি পাইছিল যে কৃষকসকলে কষ্টৰ ফচল নষ্ট হ’বলৈ ধৰিছিল। খেতি-পথাৰ তহিলং কৰিছিল বান্দৰে। ইয়াৰ উপৰি ঘৰৰ ভিতৰত সােমায়াে সা-সামগ্রী তচনচ কৰিছিল বান্দৰে।আৰু এনে কাৰণতে বান্দৰৰ লগতে অন্যান্য জন্তুৰ পৰা খেতিপথাৰ আৰু ঘৰক সুৰক্ষিত কৰাৰ বাবেই এই অভিনৱ পন্থা গ্রহণ কৰিছে কর্ণাটকৰ কৃষকসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close