অসমবিশেষভাল খবৰশীৰ্ষ

কুকুৰক জীৱন দান

এঘাৰদিনীয়া প্ৰচেষ্টাৰ অন্তত সক্ষম হ'ল সৰভোগৰ জন্তুপ্ৰেমী যুৱক-যুৱতী

সৰভোগত এটা পোহনীয়া কুকুৰৰ ডিঙিত গৰাকীয়ে আঁৰি দিয়া এডাল ফিটাই কুকুৰটোৰ জীৱন সংকটাপন্ন কৰি তুলিছিল। আজি দুপৰীয়া সৰভোগৰ জন্তুপ্ৰেমী কেইগৰাকীমান যুৱক-যুৱতীয়ে দীপালী গেছ এজেঞ্চীৰ সমীপৰ এটা পৰিত্যক্ত গৃহৰ পৰা কুকুৰটোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সৰুতে গৰাকীয়ে কুকুৰটোৰ ডিঙিত মৰমতে এডাল ফিটা আঁৰি দিছিল। সম্ভৱ পিছত গৰাকীৰ মোহভংগ হোৱাত কুকুৰটোক পথত এৰি দিয়ে। কিছু ডাঙৰ হোৱাৰ পিছত ডিঙিৰ সেই ফিটাডালেই তাৰ বাবে মৰণফান্দস্বৰূপ হৈ উঠিল। ফিটাডালে ডিঙিটো কাটি গভীৰ ঘাঁ কৰি পেলালে। যন্ত্ৰণাত ৰাস্তাই-ঘাটে দৌৰি ফুৰা কুকুৰটোক বহুতে বলিয়া বুলি খেদিবলৈ ধৰিলে। এনেতে এদিন কুকুৰটোৰ কৰুণ অৱস্থা সৰভোগৰ যুৱতী প্ৰীতিষা গোস্বামীৰ চকুত পৰিল। যুৱতীগৰাকীয়ে বন্ধু পংকজ কুমাৰ নাথৰ সৈতে কুকুৰটোক বচোৱাৰ বাবে কিবা এটা কৰাৰ কথা আলোচনা কৰিলে। সহযোগ কৰিলে নিহাৰজ্যোতি নাথে। এঘাৰদিনীয়া অভিযান চলিল।

বন বিভাগ, পশু চিকিৎসক, প্ৰকৃতপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ পৰাও সহায় বিচৰা হ’ল। কিন্তু সকলোৱে নিজৰ নিজৰ সীমাবদ্ধতাৰ বাবে সহায় কৰিবলৈ অপাৰগ হ’ল। তথাপি যুৱক-যুৱতীসকলে হাৰ নামানিলে। নিজৰ সামান্য উপাৰ্জনৰ ধনেৰে কুকুৰটোৰ বাবে যি পাৰে কৰিলে। তেওঁলোকক দেখি সহায়ৰ বাবে আৰু কেইজনমান যুৱক আগবাঢ়ি আহিল। অৱশেষত এঘাৰদিনৰ মূৰত আজি তেওঁলোক সফল হ’ল। দুপৰীয়া সময়ত প্ৰায়ে কুকুৰটোৱে আশ্ৰয় লৈ থকা এটা পৰিত্যক্ত গৃহত আৱদ্ধ কৰি কৌশলেৰে কুকুৰটোক ধৰা হ’ল। যাৱতীয় চিকিৎসা প্ৰদান কৰি কুকুৰটোক আজি তেওঁলোকে এটা নতুন জীৱনদান দিবলৈ সক্ষম হ’ল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close