অসমবিশেষশীৰ্ষসাংস্কৃতিক

কহিনুৰৰ মঞ্চত ৰ’ণাল্ড

ধনজিৎ দাস

যুৱকজনৰ নাম ৰ’ণাল্ড কাশ্যপ ৷ঘৰ লক্ষীমপুৰত ৷মডেল জগতৰ পৰা অভিনয় জগতত ইতিমধ্যে নিজৰ প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছে ৷ “তুমি অনন্যা” ( ৰং চেনেলৰ) , ” বেহাৰবাৰী আউটপ’ষ্ট ” ,” খেপৌ মামা ” , ” ছবি”  ৰেঙণি  চেনেলৰ ) আদি অসমীয়া ধাৰাবাহিকৰ   যোগেদি শ্ৰোতা-দৰ্শকৰ মাজত চৰ্চা লাভ কৰিছে ৷ ইয়াৰোপৰি তেওঁ বহুকেইটা ভিডিঅ’ গীতত অভিনয়ো কৰিছে ৷এজন পৰিপক্ব অভিনেতা হোৱাৰ মানসেৰে এইবেলি তেওঁ চুক্তিবদ্ধ হৈছে ৺ ৰতন লহকৰৰ স্মৃতি বিজড়িত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী “কহিনুৰ থিয়েটাৰ”ত ৷কহিনুৰৰ মঞ্চত এইবছৰৰ তেওঁ তিনিওখন নাটকতে তিনিটা সুকীয়া চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় দক্ষতাৰ প্ৰমাণ দিছে ৷ এইবৰ্ষৰ কহিনুৰৰ বাবে নাট্যকাৰ ৰাজদ্বীপে ৰচনা কৰা ” বৰষা যেতিয়া নামে”ত বলিন শইকীয়া , অভিনেতা/নাট্যকাৰ/পৰিচালক চম্পক শৰ্মাৰ “দ্ৰৌপদীৰ বস্ত্ৰহৰণ”ত এটি নেতিবাচক চৰিত্ৰ আৰু নাট্যকাৰ/পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ “মোৰ তেজত তোমাৰ নাম” শীৰ্ষক নাটকত জয়ন্ত নামৰ এটা নিগেটিভ চৰিত্ৰত অভিনয় কৰি শ্ৰোতা-দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে ৷ আগন্তুক ২০২০-২১ নাট্যবৰ্ষত ৰ’ণাল্ড কাশ্যপ চুক্তিবদ্ধ হৈছে ‘উদয়ন থিয়েটাৰ’ৰ সৈতে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close