অসমশীৰ্ষ

*কহিনুৰৰ মঞ্চত উজলিছে অভিনেতা ৰাজ ভৈৰৱ*

আকৰ্ষণীয় চেহেৰা আৰু নিজৰ সুকীয়া শৈলীৰে অসমীয়া অভিনয় জগতত শ্ৰোতা – দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা যুৱ প্ৰজন্মৰ এজন প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা হ’ল ৰাজ ভৈৰৱ । প্ৰয়াত ৰতন লহকৰৰ স্মৃতি বিজড়িত ‘কহিনুৰ থিয়েটাৰ’ৰ যোৱাটো নাট্যবৰ্ষত মঞ্চস্থ কৰা চম্পক শৰ্মাদেৱৰ ‘ৰাধাই নামানে বাধা’ শীৰ্ষক নাটখনৰ ‘যাদৱ’ নামৰ চৰিত্ৰটোৰ কথা কোনেনো পাহৰিব পাৰে এজন গাঁৱলীয়া হোজা বিহুৱা চৰিত্ৰৰ মাজেৰে ৰাজ ভৈৰৱে শ্ৰোতা দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি পাবলৈ সক্ষম হৈছিল উক্ত নাটখনৰ মাধ্যমৰে । অভিনয়ৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা এইজন অভিনেতাই ইয়াৰ পূৰ্বে বহুকেইখন ভিডিঅ’ গীত, ‘ৰং আৰু ৰেঙণি চেনেলৰ ধাৰাবাহিক ক্ৰমে – ‘কি নাম দি মাতিম’, ‘সৃষ্টি’, ‘বিদেশী বন্ধু’, ‘পিতা পুত্ৰ’, ‘ঘৰ জোঁৱাই’ আদিৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দি থৈছে তাৰ উপৰিও তেওঁ ‘তোমাৰ প্ৰেমত পৰি’ শীৰ্ষক অসমীয়া ছবি এখনটো অভিনয় কৰিছে ।

এইখিনি অভিজ্ঞতাৰে পুষ্ট হৈ অভিনেতাজন এইবাৰ পুণৰ চুক্তিবদ্ধ হৈছে ‘কহিনুৰ থিয়েটাৰ’ত ২০১৯-২০ নাট্যবৰ্ষৰ বাবে । সম্পূৰ্ণ ব্যক্তিক্ৰমী তিনিটা চৰিত্ৰৰ সাজেৰে নিজকে সাজু কৰি তুলিছে এইটো নাট্যবৰ্ষৰ বাবে । এইবছৰ কহিনুৰ মঞ্চত মঞ্চস্থ হোৱা অভিজিৎ ভট্টাচাৰ্য্যৰ ‘মোৰ তেজত তোমাৰ নাম’ত এটা ধনাত্মক চৰিত্ৰ, চম্পক শৰ্মাদেৱৰ ‘দ্ৰৌপদীৰ বস্ত্ৰহৰণ’ত এজন ড্ৰাগছ মাফিয়াৰ ৰূপত উপস্থাপন কৰিছে এটি বিশেষ চৰিত্ৰ যিটো চৰিত্ৰত তেওঁ প্ৰথমটো দৰ্শনীৰ পৰাই পাইছে দৰ্শকৰ মৰম আশীৰ্বাদ লগতে ৰাজদ্বীপৰ ‘বৰষা যেতিয়া নামে’ত সম্পূৰ্ণ এক জটিল চৰিত্ৰত দেখা যাব যুৱ অভিনেতাজনক, যি প্ৰথমে নায়কৰ ৰূপত অৱতীৰ্ণ হৈ পিছলৈ খলনায়কৰ ৰূপ ল’ব । নিজৰ চৰিত্ৰ তিনিটাক লৈ ভীষণ আশাবাদী অভিনেতাজন নিজৰ সৰ্বোচ্চখিনি উজাৰি দিবলৈ যত্ন কৰিছে । ৰাজ ভৈৰৱৰ সুকীয়া অবিনয়ৰে শ্ৰোতা-দৰ্শকৰ হৃদয়ত ঠাই লওঁক ‘ৰাজপুত্ৰ’ৰ দৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close