বিশেষশীৰ্ষস্বাস্থ্য

কলাজিৰা স্বাস্থ্য উপকাৰিতা

ৰিজু টপ্প

মচলাৰ ভিতৰত কলাজিৰা অন্যতম। ইয়াৰো আছে বহু স্বাস্থ্যসন্মত গুণ। এই সম্পৰ্কে তলত চমু আলোচনা দাঙি ধৰা হল

১)মহিলাৰ মাহেকীয়া বা ঋতুস্ৰাৱ অনিয়মীয়া, কমকৈ হোৱা, বেছিকৈ হোৱা আদি কষ্টকৰ আৰু বিৰক্তিকৰ ৰোগত কলাজিৰা কম জুইত তাৱা বা কেৰাহীত গৰম কৰি মাহেকীয়া আৰম্ভ হোৱাৰ ৫/৭ দিন আগৰ পৰা ৫০০ মিলি গ্ৰাম মাত্ৰাত গুৰি কৰি কুহুমিয়া গৰম পানীৰ লগত পুৱা গধুলি খাব। বা ভালদৰে লেলাওতিৰ লগত মিলি যোৱাকৈ চোবাই খাই গৰম পানী খাব। অসুবিধা ৰৈ গলে একেদৰেই পিছৰ ২/৩ মাহ খাব লাগিব ।
২)প্ৰসূতিৰ গাখীৰ নহলে ৫০০ মি.গ্ৰা. কলাজিৰা গৰম কৰি গুৰি কৰি লৈ ১০ চামুচ গাখীৰৰ লগত মিহলাই পুৱা গধুলি এসপ্তাহ খোৱালে গাখীৰ বাঢ়িব।
৩)মূৰৰ বিষ আৰু পানী লগাত ৰুমালৰ চুক এটাত আধাচামুচ কলাজিৰাৰ টোপোলা বান্ধি টোপোলা টো মোহাৰি এটা নাকৰ ফুটা বন্ধ কৰি আনটো ফুটাত দি উশাহ টানিলে মূৰৰ বিষ ভাল হয়।
৪)ঘিউৰ লগত মিহলাই খালে মুখৰ ৰঙ উজ্জ্বল আৰু বগা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close