স্বাস্থ্য

কলডিল খাওক : দীৰ্ঘায়ু হওক

দীপা হাতীকাকতি

ফলৰ ভিতৰত অন্যতম কল। সেয়ে ইয়াৰ জনপ্ৰিয়তাও অধিক। কলৰ সমান্তৰালভাবে কলডিলৰো জনপ্ৰিয়তা জনমানসত সৰ্বাধিক। লগতে কলডিলৰ আছে বহু স্বাস্থ্যসন্মত গুণাগুণ।কলডিলৰ সোৱাদ সাধাৰণতে কেহা হয় , সকলো কলডিলৰ ভিতৰত ভীমকলৰ ডিলতেই কেঁহা ভাব নাথাকে আৰু এই কলডিল খাবলৈ সোৱাদ যুক্ত হোৱা বাবে বেছি ভাগ লোকে কলডিলক পাচলি হিচাপে ব্যৱহাৰ কৰে ।

প্ৰতি 100 গ্ৰাম কলডিলত 5 গ্ৰাম কাৰ্ব’হাইড্ৰেট ,1.5 গ্ৰাম প্ৰটিন , 5.8 গ্ৰাম খনিজ লৱণ , ফাইবাৰ আদি অনান্য পুষ্টিকৰ দ্ৰৱ্য পোৱা যায় । প্ৰতি 100 কলডিলত 28 কেলৰি শক্তি নিহিত হৈ থাকে । প্ৰকাৰভেদে কলডিলৰ পুষ্টিৰো তাৰতম্য দেখা যায় ।
কলডিলৰ ঔষধি গুণ সম্পৰ্কে তলত চমু আভাস দাঙি ধৰা হল :
*কলডিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে , গতিকে মধুমেহ ৰোগী সকলৰ বাবে ই উত্তম পথ্য।
*কলডিল খালে তেজ পৰিষ্কাৰ হয়।
*কলডিলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে । কলডিলত থকা ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ লগতে কুষ্ঠ কাঠিন্যৰ সমস্যা দূৰ কৰে।
*কলডিলত প্ৰচুৰ পৰিমাণে আয়ৰণ থকা বাবে ই গৰ্ভৱতী মহিলা আৰু এনিমিয়া ৰোগীৰ বাবে উত্তম আহাৰ ।
*নিম্ন ৰক্তচাপত ভোগা ৰোগী সকলৰ বাবে কলডিল উত্তম আহাৰ ।
*কলডিল খাৰ বনাই খালে এচিডিটিৰ সমস্যা দূৰ হয় ।
*গ্ৰহণী, পেটচলা আদি ৰোগত কলডিল খালে সুফল পোৱা যায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close