আন্ত-ৰাষ্ট্ৰীয়বিশ্বভাল খবৰশীৰ্ষ

কলকাতাৰ ৰেডিশ্যনত গ্লেমনেশ্যন ট্ৰান্সজেণ্ডাৰৰ ৰেম্পত খোজ

নেচনেল ডেস্ক, ভাল খবৰ: ২৬ আগষ্টত কলকাতাৰ পঞ্চতাৰকা(ফাইভ ষ্টাৰ) হোটেল ৰেডিশ্যনত অনুষ্ঠিত হৈ যায় বছৰৰ অন্যতম ষ্টাইল ষ্টেটমেণ্ট ৰেম্পৱাক গ্লেমনেশ্যন চিজনৰ। এই অনুষ্ঠানত এইবাৰ মাত্ৰ ভাৰতেই নহয়, চুবুৰীয়া দেশ বাংলাদেশৰ পৰাও প্ৰসিদ্ধ ডিজাইনাৰেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

ট্রেণ্ড-ওৱাই খ্যাত অৰ্ণব মোৰ্তুজা আলিকে ধৰি ঢাকা ষ্টাইল ফেষ্ট খ্যাত আদি অন্যতম ডিজাইনাৰৰ লগতে দিল্লীৰ মাজহাৰ ৰিজভি, ধানবাদৰ পৰা নিধি নয়ন, অসম, অৰুণাচল প্ৰদেশ, ৰাজস্থান, কলকাতাৰ পৰা মিতা দেৱনাথ, অঞ্জু হাজৰিকা, লিলি কাগো, অংকিত ডুগৰ প্ৰমুখ্যে প্ৰখ্যাত ফেশ্যন ডিজাইনাৰ আৰু কৰিঅ’গ্ৰাফাৰ কুশীলবেৰা আদি উপস্থিত আছিল। জাতীয় আৰু আন্তৰ্জাতিক স্তৰৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা কলকাতাৰ ফেশ্যন ডিজাইনাৰ সকলো ফালৰ পৰাই অধিক দৃষ্টি আকৰ্ষণ কৰিছিল।

ডুৰাণ দাস, ইশা সাউ, অনিমেষ পাল, শেখ বদিউদ্দিন, উদিতা চেতাৰ্জী, শ্ৰীলা সাহা, অনিতা দাস বসাক, শৰ্মিষ্ঠা মণ্ডল, ৰজনী ৰথী, শ্যামসুন্দৰ বাসু আদি প্ৰখ্যাত শিল্পী। আধুনিক পৰম্পৰাগত আদি সকলো ধৰণৰ সাজ-পাৰেই অতি সাৱলীলভাৱে সজ্জাগত কৰি চলাই নিয়ে তাৰকা তথা জনপ্ৰিয় মডেল সকলে। দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ঝুম, ইপ্সিতা, নেহা, আকাঙ্খা, অৰুপ দেৱ আৰু বহু প্ৰতিভাবান মডেল ৰেম্প ওৱাকাৰ সকলে।

এছ আৰ গ্লেমাৰ এণ্টাৰটেইনমেণ্ট আৰু এছ বি এণ্টাৰটেইনমেণ্ট সন্মিলিত এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল মানৱ জীৱনৰ তৃতীয় লিংগৰ মানুহবিলাকক প্ৰতিদিনে প্ৰশিক্ষণ দি অহা প্ৰথম শাৰীত উন্নীত হোৱাৰ সুযোগ প্ৰস্তুত গঢ়া গ্ল্যামনেশ্যন। প্ৰলয়, মাটি, স্বৰ্ণাঙ্গী, দেৱৰাজ, গুৰিয়া, তৃষা, শুভজিত, সৌৰভ, অবন্তিকাৰেও সমানেই খোজ মিলাইছিল ৰেডিচনৰ বৰ্ণাঢ্য মঞ্চত।

মুম্বাইৰ ডিজাইনাৰ তেজস গান্ধী, অভিষেক নাইয়া, আয়নিক ফেশ্যন একাডেমিৰ চি ই অ আছিফ হাছান আৰু মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল সুপৰ্ণা মুখাৰ্জীৰ নিপুন শৈল্পিক হাতেৰে প্ৰজ্বলিত হয় ৰিমলী সাহা আৰু সুজয় প্ৰমানিকেৰ ব্ৰেইণ্ড চাইল্ড কলকাতাৰ গৌৰৱ গ্ল্যামনেশন চিজনৰ সান্ধ্যদীপ।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close