বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

কলকাতাত ব্যতিক্ৰমী দুৰ্গা প্ৰতিমা নিৰ্মাণৰ প্ৰস্তুতি

নিৰ্মাণত ব্যয় হব প্ৰায় ২০ কোটি টকা

দুৰ্গা পূজা সমাগত। এতিয়া মণ্ডেপে মণ্ডেপে কেৱল অঘোষিত প্ৰতিযোগিতা।মৃন্ময় শিল্পীসকলেও প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে।আনহাতে পশ্চিমবংগতো একেই পৰিবেশ। এইবাৰ পশ্চিমবংগৰ চেন্ট্ৰেল কলকাতাৰ এখন পূজা মণ্ডপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। কিয়নো এই পূজাৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰা হৈছে মুঠ ৫০ কেজি সোনেৰে।যাৰ মূল্য ২০ কোটি টকা।সন্তোষ মিত্ৰ স্কোৱেৰ পূজাথলীত নিৰ্মাণ কৰা হৈছে এই ১৩ ফুট উচ্চতাৰ প্ৰতিমা। তথ্য অনুসৰি কেইগৰাকীমান স্বৰ্ণ ব্যৱসায়ীয়ে এই সোণ আগঢ়াইছে। প্ৰতীকী বিসৰ্জনৰ পিছতেই তেওঁলোকে প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ হোৱা সোণ পুনৰ ওভতাই নিব। উল্লেখযোগ্য যে প্ৰতি বছৰে এই কমিটিয়ে ব্যতিক্ৰমী ৰূপত পূজাভাগ অনুষ্ঠিত কৰি আহিছে। এইবাৰো ইয়াৰ ব্যতিক্ৰম এই পূজা ভাগ। যি পূজাভাগে এইবাৰো সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বুলি আয়োজক মণ্ডলীয়ে জানিব দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close