কবিতাশীৰ্ষ

কবি মৃণাল কুমাৰ বৰাক বৰ্ষশ্ৰেষ্ঠ কবিৰ সন্মান

প্ৰেছ বাৰ্তা

উদীয়মান কবি মৃণাল কুমাৰ বৰাক ‘সদৌ অসম সাহিত্য সন্মিলনে’  কাব্য চৰ্চাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে ২০১৯ বৰ্ষৰ ‘বৰ্ষ শ্ৰেষ্ঠ কবি’ৰ সন্মান প্ৰদান কৰে।   ইংৰাজী ২৮-০৭-২০১৯ তাৰিখে  সদৌ অসম সাহিত্য সন্মিলনৰ উদ্যোগত গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত দিনযোৰা কাৰ্যসূচীত অনুষ্ঠিত হোৱা  সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ জন্মদিনৰ লগত সংগতি ৰাখি  উক্ত বঁ‌টা প্ৰদান কৰা হয়। সন্মিলনৰ সাধাৰণ সম্পাদক অবিনাশ শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানটোত কবি গৰাকীক বৰ্ষ শ্ৰেষ্ঠ কবিৰ সম্মান প্ৰদান কৰে বিশিষ্ট কবি তথা প্ৰাক্তন অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰে। অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ প্ৰবীন কবি অনুভৱ তুলসী, চিত্ৰ সাংবাদিক বিদুৎ ভূঞা, কবি কাবেৰী কছাৰী ৰাজকোঁ‌ৱৰ, প্ৰয়াত হীৰেণ ভট্টাচাৰ্যৰ পত্নী পাৰুল দেৱী, কবি সিদ্ধাৰ্থ শংকৰ কলিতা, বিশিষ্ঠ কবি সমালোচক বিপুল শৰ্মা ,কন্ঠশিল্লী বিদ্যাসাগৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কবি সকল। উল্লেখ্য যে উদীয়মান কবি মৃণাল কুমাৰ বৰাৰ শতাধিক কবিতা অসমৰ বিভিন্ন প্ৰান্তৰ দৈনিক বাতৰি কাকত, আলোচনীত আদিত প্ৰকাশিত হৈছে। নগাঁ‌ও জিলাৰ জুৰীয়া-দগাঁ‌ৱত জন্মগ্ৰহণ কৰা পিতৃ প্ৰয়াত কিনাৰাম বৰা আৰু মাতৃ পূৰ্ণিমা বৰাৰ সুযোগ্য সন্তান মৃণাল কুমাৰ বৰাৰ উক্ত খ্যাতিয়ে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উদীয়মান কবি মৃণাল কুমাৰ বৰাক শুভাকাংশী তথা একাধিক দল-সংগঠনে অভিনন্দন জনোৱাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close