অসমবিশেষসাংস্কৃতিক

কণমানি ৰিবা আমিনৰ সংগীতৰ জয়যাত্ৰা

ছহিজুল আলী, সৰভোগ

বৰপেটা জিলাৰ সৰভোগ এখন ঐতিহাসিক নগৰী৷সৰভোগ খেলা-ধূলা,নৃত্য-সংগীত,নাটক সকলো দিশতে আগৰণুৱা৷এক প্ৰকাৰে কবলৈ গ’লে-সৰভোগত প্ৰতিভাৰ অভাৱ নাই৷সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত গেল্লেপাৰা গাঁৱৰ ৰকিফুল আমিন আৰু ৰুমিনা বেগমৰ ডাঙৰ জীয়ৰী ৰিবা আমিনে বহুবছৰ ধৰি চলাই গৈছে সংগীতৰ সাধনা৷

কণমানি ৰিবা আমিনে মাত্ৰ ৬ বছৰ বয়সৰ পৰাই আৰম্ভ কৰে সংগীতৰ সাধনা৷৬ বছৰ বয়সত সংগীতৰ আনুষ্ঠানিক শিক্ষা লোৱাৰ উদ্দেশ্য পৰিয়ালে,সৰভোগৰ বৰনগৰ সংগীত মহাবিদ্যালয়ত নামভৰ্তি কৰি দিয়ে৷চলিত বছৰতে ৰিবা আমিনে শিক্ষানুষ্ঠানখনৰ পৰা বিশাৰদ শিক্ষা সমাপ্ত কৰে৷বৰ্তমান গুৱাহাটীত শাস্ত্ৰীয় সংগীতৰ গুৰু জীতেন বসুমতাৰীৰ পৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছে৷ৰিবা আমিন জ্ঞান বিকাশ বিদ্যাভৱন(ভুলুকাডোৱা)ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী৷আনফালে ৰিবা আমিনে বৃহত্তৰ সৰুপেটা সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱ উদযাপন সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা,মুকলি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close