স্বাস্থ্য

কঠাল খাওক আৰু যৌৱন ধৰি ৰাখক

খালিদ ইছলাম

 আমাৰ সকলোৰে পৰিচিত সুস্বাদু কঠাল এবিধ ফলেই নহয় ই মহৌষধিয়ো। দেখাত যেনেকৈ ই ডাঙৰ আকৃতিৰ ঠিক তেনেকৈ ইয়াৰ গুণাগুণো বৃহৎ। বিভিন্ন গৱেষণাত প্ৰতিপন্ন হৈছে কঠালত মানৱ শৰীৰৰ বাবে লাগতিয়াল প্ৰায়খিনি তত্ত্ব যেনে ধৰক ফাইবাৰ,খনিজ লৱণ, এন্টিঅক্সিডেন্ট আৰু অত্যাৱশ্যকীয় ৰাসায়নিক পদাৰ্থ ক্ৰমে..
ভিটামিন-এ,ভিটামিন-চি,ভিটামিন-কে,ভিটামিন-ই,
ভিটামিন-বি৬,নিয়াচিন,ফলেট,পেন্থ’থেনিক এচিড,কপাৰ,মেংগানিজ,মেগনেচিয়াম ইত্যাদি পোৱা যায়। আৰু সেয়েহে হয়টো বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো কঠালৰ অৱদান কম নহয়….
কঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে
ৰক্তহীনতা দূৰ কৰে
হজম শক্তি বৃদ্ধি কৰে
থাইৰয়ড গ্ৰন্থিক কৰ্মক্ষম কৰি ৰখাৰ লগতে সমস্যা বোৰো সমাধান কৰে
পকা কঠাল খালে কোষ্ঠকাঠিন্য দূৰ হয়
হাড় মজবুত হয়
কঠালত থকা এন্টিঅক্সিডেন্ট বোৰে দেহত বয়সৰ চাপ পৰিব নিদিয়ে।
 ইয়াৰ উপৰিও কঠালে শৰীৰৰ চালখন সুন্দৰ কৰি ৰখাৰ লগতে, দেহত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে,হৃদৰোগৰ সম্ভাৱনীয়তা কমাই আনে।
তেনে এনে বতৰত সহজ লভ্য কঠাল বা ইয়াৰ মুচি খাওক আৰু সুস্থ থাকক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close