চলচ্চিত্ৰজগতবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

কংগনাৰ নতুন ৰূপ: ছবিজগতত আলােড়ন

শেহতীয়াকৈ ছবি এখনৰ প’ষ্টাৰে চৌদিশে আলােড়ন সৃষ্টি কৰিছে।ছবিখনৰ এক বিশেষ ফটো ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। কংগনা ৰণাৱটৰ ছবিখন ভাইৰেল হৈ পৰাৰ লগতে সকলাে উৎসুক হৈ পৰিছে।কংগনাৰ আগন্তুক ছবি ‘থালাইভি’ৰ গীত এটিৰ দৃশ্য এটিয়ে ছ’চিয়েল মিডিয়াত আলােড়ন সৃষ্টি কৰিছে।তামিলনাডুৰ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত জয়ললিতাৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছে ‘থালাইভি’। ছুপাৰষ্টাৰ হিৰইনৰ পৰা বিপ্লৱী হিৰােলৈ পৰিৱর্তিত হােৱা কাহিনী ব্যক্ত কৰা হৈছে ছবিখনৰ জৰিয়তে। উল্লেখ্য যে পূর্বতে জয়ললিতা অভিনেত্রী হিচাপে তামিল ছবিত জনপ্রিয় আছিল। ১৯৬৪ চনত তামিল ছবি ‘ভেন্নি আদায়ী’ৰ দৃশ্য এটা শেহতীয়াকৈ মুকলি কৰি দিয়া হৈছে। নতুন ছবি ‘থালাইভি’ত উক্ত দৃশ্যটোকে পুনৰ উপস্থাপন কৰা হৈছে।যত কংগনাৰ ব’ল্ড অৱয়বে খলকনিৰ সৃষ্টি কৰিছে।’ভেন্নি আদায়ী’ৰ সেই বিশেষ  গীতটোত জয়ললিতায়াে ব’ল্ড হিচাপেই অভিনয় কৰিছিল।যিয়ে তামিল দর্শকসকলক আপ্লুত কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close