বিনোদনশীৰ্ষ

এশ কোটিৰ দিশে ‘মিছন মংগল’

১৫ আগষ্ট ২০১৯। ভাৰতীয় ছবি জগতত ইতিহাস হৈ ৰ’ব এদিন। দেশে স্বাধীনতা লাভ করা এই দিনটোত ভাৰতীয় চিনেমা অনুৰাগীয়ে লাভ কৰিলে দুখনকৈ ঐতিহাসিক ছবি। একালৰ বলিউডৰ ঘনিষ্ঠ বন্ধু জন আব্রাহাম আৰু অক্ষয় কুমাৰে বি টাউনক উপহাৰ দিলে বাটলা হাউছ আৰু মিছন মংগল নামেৰে দুখন ছবি। দুয়োখন ছবিৰ উদ্দেশ্য আছিল সুকীয়া।বাটলা হাউছত ভাৰতীয় সেনা বিষয়াৰ চৰিত্ৰত তথা আৰক্ষী প্রশাসনৰ ভূমিকাত অভিনয় কৰি জন আব্রাহামে পুনৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। ইফালে অক্ষয়ে ‘মিছন মংগলৰ দৰে প্ৰদৰ্শী সাপােনক সাৰথি কৰি প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত স্বপ্ন সানি দিলে মংগল যাত্ৰাৰ। দ্যাশ্যে উপাৰ্জনৰ ক্ষেত্ৰত দুয়োখন ছবিৰে উপাৰ্ন সূকীয়া । যদিও কাহিনী আৰু অভিনয়ৰ ক্ষেত্ৰত দুয়ােগৰাকীৰে প্ৰদৰ্শন দুর্দান্ত আছিল।আব্রাহামৰ ছবিখানে তিনিদিনত ৩১ কোর্টিাৰো অধিক উপার্জন কৰাৰ বিপৰীতে অক্ষয়ৰ তিনি দিনত ৭০ কোটি টকা উপার্জন কৰিছে। বাজেটৰ ভিত্তিত দুয়োখন ছবিয়ে ছুপাৰ হিটৰ দিশত। আনহাতে অক্ষয়ৰ ছবিৰ তুলনাত আব্রাহামে লাভ কৰিছে বহু কম ফ্রাণ। মুঠতে দুয়োখন ছবিয়ে এতিয়া ভাৰতীয় ছবি জগতত খলকনিৰ সৃষ্টি কৰিছে।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close