অসমক্ৰীড়াঙ্গণ

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ লামডিং শাখাৰ উদ্যোগত ক্ৰিকেট টু-12 প্ৰতিযোগিতা

লামডিঙৰপৰা পল্লৱী কলিতা, ভাল খবৰ: এন এফ ৰেলৱে মজদুৰ ইউনিয়ন,লামডিং শাখাৰ উদ্যোগত লামডিঙৰ বিবেকানন্দ ৰে’লৱে খেলপথাৰত আৰম্ভ হয় আন্ত:বিভাগীয় টি-টুৱেলভ ক্ৰিকেট প্ৰতিযোগিতা ৷ এক যান্ত্ৰিক জীৱন যাপনৰ পৰা ৰে’লৱে কৰ্মচাৰীসকলে এক ব্যতিক্ৰম আনন্দময় পৰিবেশ গঢ়ি তোলাৰ চেষ্টা চলায় লামডিঙত ৷ একেৰাহে ৮ ঘণ্টা কাম কৰাৰ পাছত খেল-ধেমালিত উৎসাহ জগোৱাৰ উদ্দেশ্যৰে মজদুৰ ইউনিয়নে প্ৰশংসনীয় পদক্ষেপ হাতত লয় কৰ্মচাৰীসলৰ বাবে৷

ৰে’লৱেত কৰ্মৰত ক্ৰিয়া প্ৰেমী কৰ্মচাৰী সকলৰ মাজত আনন্দময় পৰিৱেশ৷ ভাৰত চৰকাৰৰ অন্যতম সুকীয়া ৰে’ল বিভাগত চাকৰি কৰিও তেওঁলোক ব্যস্ত হৈ পৰে আন্ত:বিভাগীয় ক্ৰিকেটত টুৰ্নামেন্টত।

উল্লেখ্য যে এই প্ৰতিযোগিতাত লামডিং ডিভিচনৰ মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰিছিল ৷ বিবেকানন্দ ৰে’লৱে খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে লামডিং ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধক প্ৰমোদকুমাৰ জৈনে৷ প্ৰতিযোগিতাখনৰ বাবে গঠিত হোৱা কমিটিৰ পক্ষৰ পৰা সভাপতি তৰুন চৌধুৰী, উপসভাপতি অমিত দাস, সম্পাদক স্বৰূপ দাস মানৱকুমাৰ দে, সাংস্কৃতিক সম্পাদক পলাশ লোচন বৰা, মধুপৰ্না বনিক কৰ আৰু মজদুৰ ইউনিয়নৰ শাখাৰ সভাপতিয়ে জনায় যে ৰে’ল নগৰী লামডিং ক্ৰিয়াপ্ৰেমী তথা ৰে’ল কৰ্মচাৰীসকলে এই প্ৰতিযোগিতাখনক বিপুল সহাঁৰি জনাইছে ৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close