Businessআন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

এণ্ড্রয়ড স্কুটাৰ

আপুনি হয়তাে এণ্ড্রয়ড ম’বাইলৰ কথা শুনিছে বা ব্যৱহাৰ কৰিছে? কিন্তু এণ্ড্রয়ড স্কুটাৰৰ কথা শুনিছেনে? অৱিশ্বাস্য যেন লাগিলেও এয়াই সত্য। কিয়নাে, পােনপ্ৰথমবাৰৰ বাবে বজাৰত মুকলি কৰা হয় এণ্ড্রয়ড অপাৰেটিং চিষ্টেম চালিত ইলেনিক স্কুটাৰ। চীন-জাপানৰ সমান্তৰালকৈ এইবাৰ ফ্ৰান্সৰ প্রযুক্তিপণ্য নির্মাতা প্রতিষ্ঠান ‘আর্কচে’উদ্ভাৱন কৰিছে এই বিশেষ স্কুটাৰখন। এই স্কুটাৰখনৰ নাম ‘চিটি। বর্তমান সময়ত এই স্কুটাৰখন কেৱল ইউৰােপৰ বজাৰত উপলব্ধ। হৈছে। ইয়াৰ মূল্য প্রায় ৪৯৯.৯৯ ডলাৰ। শেহতীয়া তথ্য অনুসৰি এই স্কুটাৰখনে এবাৰ চার্জতেই ঘণ্টাত ২৫ কিঃমিঃ অতিক্রম কৰে। এই স্কুটাৰখনত লগােৱা হৈছে ৫ ইঞ্চি টাচ্চ পেনেল। ইয়াৰ উপৰি এণ্ড্রয়ড অৰিঅ’, অপাৰেটিং চিষ্টেম ব্যৱহাৰ কৰা হৈছে। এই টাচ্চ পেনেলটোৱে স্কুটাৰখনৰ ডেস্কব’ৰ্ডত মাল্টিমিডিয়া চিষ্টেমৰ কাম কৰিব। ইয়াৰ সমান্তৰালকৈ ডিভাইচত ১ জিবি আৰু ৮ জিবি ৰেমৰ ব্যৱস্থা কৰা হৈছে। এই স্কুটাৰখনত ব্যৱহাৰ কৰা ডিভাইচটো হৈছে ৱেৰ। ইয়াৰ লগতে কানেকটিভিটিৰ বাবে ৱাইফাই, জিপিএছ আদিৰ সুবিধা প্রদান কৰা হৈছে। এই স্কুটাৰখনৰ গতিৰ পৰিমাণ, দূৰত্ব আৰু বেটাৰিৰ অৱস্থা এক সংকেতিক চিহ্নৰ জৰিয়তে লাভ কৰিব চালকজনে। উল্লেখ্য যে, এই স্কুটাৰখনে বজাৰত মুকলিৰ লগে লগে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close