অসমশিক্ষাশীৰ্ষ

এড্যু-কালচাৰেল পইন্টৰ চামাৰ কেম্প লাৰ্ন এণ্ড ফান শুভাৰম্ভ

ছহিজুল আলী

বৰনগৰৰ আগশাৰীৰ শৈক্ষিক আৰু সাংস্কৃতিক শিক্ষাৰ কেন্দ্ৰ এড্যু-কালচাৰেল পইন্ট, সৰভোগৰ চামাৰ কেম্প “লাৰ্ন এণ্ড ফান-৪” আজি শুভাৰম্ভ হয়। অনুষ্ঠান মুকলি কৰে বৰনগৰ অঞ্চলৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী ভৱানন্দ দাসে। ২৬ জুলাই, ২০১৯ ইং তাৰিখলৈ চলিব লগিয়া কৰ্মশালাত অভিনয়, আধুনিক নৃত্য, মডেলিং তথা ফেশ্বন শ্ব’, কেলিগ্ৰাফী, বিহু নাচ, ঢোল বাদন, পেঁ‌পা বাদন, স্পকেন ইংলিজ, এবেকাচ মেন্টেল মেথ, ব্যক্তিত্ব বিকাশৰ লগতে বিভিন্ন দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। অনুষ্ঠানত উপস্থিত থাকে অভিনেতা, পৰিচালক তথা থিয়েতাৰ ইন এড্যুকেশ্বনৰ প্ৰশিক্ষক অৰূপজ্যোতি ৰাভা, অসমৰ জনপ্ৰিয় মডেল তথা সৌন্দৰ্য্য বিশেষজ্ঞ প্ৰাঞ্জল প্ৰতিম কাশ্যপ, আধুনিক নৃত্যৰ প্ৰশিক্ষক ৰিদীপ সাউদ আৰু ধ্ৰুৱজ্যোতি পাঠক, ৰুদ্ৰকান্ত দাস, দিপক শৰ্মা, চম্পক শৰ্মা, দিগন্ত সাউদ, মৃদুল দাস, অৰূপজ্যোতি দাস, আৰু লগতে উপস্থিত থাকে বৰনগৰ অঞ্চলৰ ভিন্ন দিশত পাৰদৰ্শী বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। এড্যু-কালচাৰেল পইন্টৰ সভাপতি সম্পদ দাসে উপস্থিত ৰাইজক সম্বোধন কৰে। সঞ্চালক বিমান দাসে ভিন্ন দিশ সামৰি আদৰণি ভাষণ আগবঢ়োৱাৰ লগতে পৰিচালন সঞ্চালক সঞ্জীৱ বৈশ্যই ভাষণত কৰ্মশালা সম্পৰ্কে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। কৰ্মশালা পৰিচালক ধৃতিমান দাস, ই-মেক্স কম্পিউটাৰ, সৰভোগৰ সঞ্চালক নয়নমণি নাথ, বিশিষ্ট বিহুৱতী জুনু তালুকদাৰ, ৰথীন্দ্ৰ কুমাৰ নাথ, উমেশ দাস, বিভামণি দাস, দেবাসীশ চৌধুৰী, এঞ্জেলিকা বৰা, জিলমিল ডেকা,  বিদ্যুৎ, মৃদুলা, হিমাক্ষী, উৰ্মী, চন্দনা, ৰিম্পী, হীৰকজ্যোতি, যুগল, পিংকু, দীপাংকৰ, অমিত, কৌশিক, দীগন্ত আৰু বহু কেইগৰাকী কৰ্মকৰ্তাই গোটেই অনুষ্ঠানতো আটকধুনীয়াকৈ সজাই তোলে। অহা ১৭ জুলাইৰ পৰা ২৬ জুলাইলৈ চলিব বিহু নাচ আৰু কেলিগ্ৰাফীৰ কৰ্মশালা। অনুষ্ঠানৰ আঁ‌ত ধৰে হিয়া বৈশ্যই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close