আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

এখন ৰহস্যময় পাথৰৰ দেশ

ইউৰােপৰ এটি বিশেষ অঞ্চল। এই অঞ্চলটোত উপলব্ধ কিছুমান বিশেষ পাথৰ। এই বিশেষ পাথৰসমূহক কেন্দ্ৰ কৰিয়েই এই অঞ্চলটো এতিয়া সকলােৰে চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে। সঁচাকৈয়ে এই পাথৰসমূহ আমি সচৰাচৰ দেখা পাথৰসমূহতকৈ কিছু ব্যতিক্রম। কিয়নাে এই পাথৰসমূহ জীৱন্ত তথা ইয়াৰ আকৃতি সময়ে সময়ে বৃদ্ধি পােৱা বুলি প্রমাণিত হৈছে। সেয়ে এই পাথৰসমূহক ‘জীৱন্ত পাথৰ হিচাপে স্ফীকৃতি প্রদান কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি ইউৰােপৰ বলকান অঞ্চলৰ ৰােমানিয়াত এই ৰহস্যময় পাথৰসমূহৰ সন্ধান পােৱা গৈছে। এই ঘটনাৰ অন্তৰালৰ ৰহস্য যেন বর্তমানেও উদ্ঘাটন হােৱা নাই। ইতিমধ্যে সকলােৱে জ্ঞাত যে পাথৰ বা শিলৰ কোনাে প্রাণ নাই। এই কথা পূর্বেই বৈজ্ঞানিকসকলে প্রমাণ কৰিছিল। কিন্তু ৰােমানিয়াত উদ্ধাৰ হােৱা এই ৰহস্যময় পাথৰসমূহে বৈজ্ঞানিকসকলক কিছু বিপাঙত পেলাইছে। এক সমীক্ষাত প্রমাণিত হৈছে যে, যদিহে কোনাে পাথৰৰ ওপৰত পানী বা বৰষুণ পৰে তেতিয়া পাথৰসমূহৰ আকাৰ কিছু পৰিমাণে বৃদ্ধি হােৱাৰ সম্ভাৱনা থাকে। কিন্তু ৰােমানিয়াত উদ্ধাৰ হােৱা পাথৰসমূহৰ আকৃতি ক্রমান্বয়ে অস্বাভাৱিক ৰূপত বৃদ্ধি পােৱাৰ লগতে এই পাথৰসমূহ এঠাইৰ পৰা আন ঠাইলৈ চলাচল কৰাৰ কথাও পােহৰলৈ আহিছে। সঁচাকৈয়ে ই বৰ আচৰিত ঘটনা। বৈজ্ঞানিকসকলে এই সন্দৰ্ভত সমীক্ষা চলাই দেখিছে যে এই বিশেষ পাথৰসমূহৰ পানীৰ সৈতে এক বিশেষ আকর্ষণ আছে। কিন্তু এই নির্জীৱ বস্তুসমূহৰ পানীৰ সৈতে আকৌ আকর্ষণ কিয় ? এনেবােৰ প্রশ্ন বর্তমান সকলােৰে মনত উদয় হৈছে। এই ক্ষেত্ৰত আধুনিক বিজ্ঞানে কিন্তু কোনাে ধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷ ৰােমানিয়াবাসীয়েও এই সন্দৰ্ভত কোনাে ধৰণৰ মতামত আগবঢ়োৱা নাই যদিও তেওঁলােকে এই পাথৰসমূহক পৃথিৱীৰ একমাত্ৰ জীৱন্ত পাথৰ হিচাপে স্বীকৃতি প্রদান কৰিছে। কিন্তু বৈজ্ঞানিকসকলে এই সন্দৰ্ভত কোনাে ধৰণৰ মন্তব্য আগবঢ়োৱা নাই। এই ৰহস্যময় পাথৰসমূহৰ যে সম্পূর্ণ আকৃতিয়েই বৃদ্ধি পাইছে তেনে নহয় পাথৰসমূহৰ কোনাে কোনাে অংশ অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে। স্থানীয় লােকসকলে এই পাথৰসমূহক ট্রোভেণ্টচ’নামেৰে নামাকৰণ কৰিছে। ইয়াৰ অর্থ হ’ল চিমেণ্টৰ বালি। বৈজ্ঞানিকসকলৰ অন্য এক তথ্যত পােহৰলৈ আহিছে যে এই পাথৰসমূহৰ ভিতৰত কোনাে অদ্ভুত শক্তিশালী বালিৰ বাহিৰে অন্য একো নাই। সেয়ে এইসমূহ পাথৰত কিছুমান বিশেষ স্তৰ দেখিবলৈ পােৱা যায় যিটো স্তৰ অন্য শিলত নাই। উল্লেখ্য যে, এই ৰহস্যময় পাথৰসমূহ যে ৰােমানিয়াৰ সকলাে স্থানতে পােৱা যায় তেনে নহয়। ৰােমানিয়াৰ কেৱল ‘কোচটেচতি’নামৰ ঠাইতহে এই পাথৰৰ সন্ধান পােৱা গৈছে। এচামে এই সন্দৰ্ভত দাবী কৰে যে, এই পাথৰসমূহ কোনাে বহির্জগতৰ পৰা আহিছে। ইয়াৰ উপাদানত হয়তাে কিছুমান মহাজাগতিক আকর্ষণ জড়িত হৈ আছে যাৰ সৈতে হয়তাে আধুনিক বিজ্ঞান পৰিচিত নহয়। কাৰণ যিয়ে নহওঁক কিয় সঁচাকৈয়ে এই ৰহস্যময় পাথৰসমূহে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close