বিনোদনবিশেষশীৰ্ষ

এখন ব্যতিক্রমী বাহন

এখন ব্যতিক্রমী চি এন জি বাহন, অ’ৰব। বাহন বুলি ক’লে হয়তাে ভুল হ’ব। কিয়নাে এইখন বাহন যদিও ইয়াৰ সুবিধা প্রায় এখন ঘৰৰ দৰেই। গাড়ীখনৰ ওপৰ অংশত আছে ভিন্ন ৰঙী ফুলৰ বাগিচা, ভিতৰ অংশত আছে বিলাসী তথা আৰামদায়ক ছিট, তথা আকর্ষণীয় পর্দা। ইয়াৰ উপৰি বিলাসী আইনা, পানীৰ ফিল্টাৰ, অগ্নি নির্বাপক গেছ চিলিণ্ডাৰ তথা ম’বাইল চার্জৰ ব্যৱস্থা। সন্মুখভাগত যাত্রীৰ মনােৰঞ্জনৰ বাবে আছে টেলিভিছন, ডিজিটেল ঘড়ী, ছলাৰ ফেন আদি। গুৰুত্বপূর্ণ কোনাে নাম ঠিকনা আদি লিখি ৰাখিবলৈ কলম, পেড তথা ষ্টেপলাৰসহ এটি বাকচ ৰখা হৈছে। আনহাতে টিচু বক্স, মেচলাইট আৰু নেইলকাটাৰৰ লগতে গাড়ীচালকৰ আসনৰ ওচৰত সজোৱা সামগ্রী তথা জীৱন্ত গছৰ পুলি ৰখা হৈছে। ওপৰৰ পিনে লক্ষ্য কৰিলে দেখিবলৈ পােৱা যায় ছলাৰ লাইট। মুঠৰ ওপৰত এখন ঘৰৰ সম্পূর্ণ পৰিৱেশ বিৰাজমান বাহনখনত। বাহনখনৰ বিষয়ে নিখুতভাৱে বর্ণনা আগবঢ়াইছে বাহনখনৰ মালিক তপন চন্দ্র ভৌমিকে। তেওঁ নিজেই এই বাহনখন চলাই পৰিয়াল পােহপাল দিছে। লাভলােকচানৰ প্রতি কেতিয়াও ভ্রুক্ষেপ নকৰা ভৌমিকে এই বাহনখন আটোমটোকাৰিকৈ নিজৰ ঘৰখনৰ দৰেই সজাইছে। অলপতে এখন আলােচনীত অন্য চি এন জি বাহনৰ বাতৰি সম্প্ৰচাৰ হৈছিল। কিন্তু এই বাতৰি দেখি ভৌমিকে আক্ষেপ কৰি মন্তব্য আগবঢ়ায় কয় যে, এই বাহনখনতকৈ তেওঁৰ বাহনখনত তিনিগুণ সুবিধা আছে। পেছাত গাড়ীচালক ৰূপে পৰিচিত ভৌমিক ঘৰ ঢাকা চহৰৰ খিলগাঁৱত। দুই সন্তানৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ। পুত্রই এটি ব্যক্তিগত বেংকত চাকৰি কৰাৰ লগতে কন্যা বিশ্ববিদ্যালয়ৰ ছাত্রী। সন্তানে পিতৃয়ে গাড়ী চলােৱাতাে নিবিচাৰিলেও পিতৃয়ে এই নিচাৰ পৰা বিৰত থাকিব পৰা নাই। বিগত দহ বছৰ ধৰি ভৌমিকে এই নিচাৰ সৈতে জড়িত হৈ আছে। ইয়াৰ পূর্বে তেওঁ এজন সােণাৰি হিচাপে কৰ্মৰত আছিল। পিছলৈ চি এন জি ভান চলাই পৰিয়াল পােহপাল দি আহিছে। অন্য চি এন জি ভান চালকৰ তুলনাত তেওঁৰ আয় যথেষ্ট কম। কিয়নাে গাড়ীখনৰ সাজ-সজ্জাৰ বাবে তেওঁ যথেষ্ট খৰচ বহন কৰিবলগীয়া হয়। তথাপিও যেন তেওঁৰ কোনাে আক্ষেপ নাই। কাৰণ তেওঁ নিজৰ মনৰ ইচ্ছা পূৰণ কৰাৰ লগতে যাত্রীসকলকো আনন্দ তথা সুবিধা প্রদান কৰাত তেওঁ সদায় সজাগ হৈ থাকে। এই বিশেষ বাহনখনৰ কিন্তু আছে এটি চর্ত। এই চর্ত অনুসৰি যিসকল ব্যক্তিয়ে এই গাড়ীত যাত্রা কৰে তেওঁলােকে তেওঁলােকৰ ভিজিটিং কার্ড জমা কৰিব লাগে। গাড়ীচালক ভৌমিকে এই সমূহ কার্ড সংগ্রহ কৰি মনত এক বিশেষ আনন্দ লাভ কৰে। ইতিমধ্যে তেওঁ চিকিৎসক, অভিযন্তা, প্রতিষ্ঠানৰ মুখ্য প্ৰৱন্ধক, বিভিন্ন সংবাদকর্মীকে আদি কৰি বিভিন্নজন ব্যক্তিৰ ভিজিটিং কার্ড সংগ্রহ কৰিছে। উল্লেখ্য যে, বর্তমান এই ব্যতিক্রমী চি এন জি ভানখনে সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে জনমানসত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close