
এগৰাকী অসহায় মাতৃ। দুটাকৈ সন্তান লৈ মাটিত বহি কান্দিছে। এটি শিশু কোলাত, আনটো পিঠিত। মাতৃগৰাকীৰ মুখত যেন এটি অসহায়তাৰ চাপ। প্রায় একেই চাপ শিশু দুটাৰ মুখতাে। যেন তেওঁলােকৰ ওপৰত এখন কষ্টৰ পাহাৰ ভাঙি পৰিছে। এই দৃশ্য কেমেৰাৰ লেন্সত বন্দী কৰিছিল এগৰাকী মালয়েছিয়াৰ চিত্রশিল্পীয়ে। আৰু বর্তমান এই ছবিখনৰ মূল্য এক লাখ ২০ হাজাৰ ডলাৰ (প্রতি ডলাৰত ৮৪.৩৬ টকা হাৰত এক কোটি এক লাখ ২৩ হাজাৰ ৬৮০ টকা) নির্ধাৰিত কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি বিখ্যাত ফটোগ্রাফী এৱার্ড প্রতিষ্ঠান হামদান ইণ্টাৰনেচনেল এৱার্ডে’ ২০১৯ চনৰ শ্ৰেষ্ঠ ছবিৰ সন্মান প্রদান কৰে উক্ত ছবিখনক। সেই মর্মে এই ছবিখনৰ মালিক অর্থাৎ আলােকচিত্রশিল্পী এডউইন ৱং ৱই কিকে এই অর্থ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত মার্চ মাহৰ ১২ তাৰিখে এই বৰ্ষৰ শ্ৰেষ্ঠ প্রতিযােগীৰ নাম ঘােষণা কৰে। বিষয়বস্তু অনুসৰি ছবিখনত এক তীব্র মানৱিক মুহূর্ত প্রতিফলিত হৈছে। যিয়ে সকলােৰে অন্তৰ চুই গৈছে। প্রতিষ্ঠানটোৱে ইতিমধ্যে এডউইনক অভিনন্দন জনাইছে। এই ছবিখন ভিয়েতনামত তােলা হৈছিল। যিখন ছবিত প্রতিফলিত হৈছিল প্রকৃত জীৱনৰ কৰুণ বেথা। দুখ-কষ্ট কি সেয়া যেন বাস্তৱ অর্থত প্রতিফলিত হৈছে। প্ৰতিটো বেদনা যেন ছবিখনৰ মাজতেই সােমাই ৰৈছে। প্রতিষ্ঠানটোৰ এটি বিবৃতিত জনােৱা হৈছে যে বিশ্বৰ আটাইতকৈ বৃহৎ একক ফটোগ্রাফী প্রতিযােগিতাৰ শীর্ষস্থানত আছে এই বিশেষ ছবিখন। বহু সংখ্যক ফটোৰ মাজৰ পৰা নির্বাচন কৰা হৈছে এই ছবিখনক। য’ত সােমাই আছে মানৱতাৰ জীয়া ছবি। যিয়ে গ্লৱেল ফটোগ্রাফি প্রতিযােগিতাত শীর্ষস্থান দখল কৰে। ডুবাইত অনুষ্ঠিত হােৱা এই প্রতিযােগিতাত বিশ্বৰ ১২১খন দেশৰ প্রায় ১৯ হাজাৰ আলােকচিত্রপ্রেমীয়ে অংশগ্রহণ কৰিছিল। প্রতিষ্ঠানটোৰ এইবাৰৰ প্রাইজ ফাণ্ড আছিল চাৰি লাখ ৫০ হাজাৰ ডলাৰ। তিনিটা বিশেষ শিতানত অনুষ্ঠিত হৈছিল এই প্রতিযােগিতা। প্রতিগৰাকী বিজয়ীয়ে কম হলেও ২৫ হাজাৰ ডলাৰ পােৱাটো নিশ্চিত আছিল। কিন্তু মালয়েছিয়াৰ আলােকচিত্রশিল্পী এডউইনে প্রতিযােগিতাৰ শ্ৰেষ্ঠ পুৰস্কাৰৰ অৰ্জন কৰি এক লাখ ২০ হাজাৰ ডলাৰ অর্থাৎ এক কোটি টকা লাভ কৰে। ইতিমধ্যে ইণ্টাৰনেটৰ জগতখনতাে যথেষ্ট ভাইৰেল হৈ পৰে এই ছবিখন।