বিনোদনৰাষ্ট্ৰীয়শীৰ্ষ

এখন অট’ৰিক্সা : যাত্ৰীৰ সংখ্যা ২৪ গৰাকী

বিভিন্ন সময়ত বাছ বা ট্ৰেইনত অত্যাধিক মাত্ৰাত যাত্রী উঠাই নিয়া দৃশ্য তেনেই সুলভ হৈ পৰে জনমানসত। কিন্তু এখন অটৰিক্সাত ২৪ জন যাত্ৰীয়ে একেলগে উঠি যাত্ৰা কৰাটো জানো সম্ভৱ ! কিছুমানৰ বাবে এয়া সম্ভৱ। এই অবিশ্বাস্য ঘটনাটো সংঘটিত হৈছে ভাৰতৰ তেলেংগানা ৰাজ্যত। ৰাজ্যখনৰ কৰিমনগৰৰ আৰক্ষী অধীক্ষক এগৰাকীয়ে এই ভিডিঅ চচিয়াল মিডিয়াত প্ৰকাশ কৰে। ভিডিঅটোত দেখা গৈছিল এখন অটোত এগৰাকী চালকে ২৪ জন যাত্ৰীক লৈ কৰা এক বিপদসংকুল যাত্ৰাৰ দৃশ্য। পষ্টটোত আৰক্ষী অধীক্ষকগৰাকীয়ে কেপছন দিছিল “নিজৰ নিৰাপত্তা নিজে লোৱা উচিত”। মাত্ৰ ২ মি: ৯ চেকেণ্ডৰ এই ভিডিঅটো আপলোডৰ পিছতেই তীব্র গতিত ভাইৰাল হৈ পৰে। বহুতেই বহু কমেন্ট, শ্বেয়াৰ, লাইক আদিৰে উপচাই পেলায় পষ্টটো। এতিয়া প্ৰশ্ন হয়, ৰাজ্যখনৰ মাজমজিয়াত এনেবোৰ ঘটনা কেনেকৈ সংঘটিত হয় বা এগৰাকী আৰক্ষী অধীক্ষকে এনেবোৰ ভিডিঅ চচিয়াল মিডিয়াত আপলোড কৰাটো কিমান যুক্তিসংগত। বৰ্তমান এনেবোৰ প্ৰশ্নৰে চৰ্চালৈ আহিছে এই পষ্টটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close