আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

এইবাৰ বৃহস্পতি গ্ৰহত পানী

চন্দ্র, মঙলৰ পিছত এইবাৰ বৃহস্পতি গ্রহত সন্ধান পােৱা গৈছে পানীৰ। এই তথ্য প্রকাশ কৰিলে মার্কিন মহাকাশ গৱেষণা সংস্থা নাছাই। নাছাৰ শেহতীয়া তথ্য অনুসৰি বৃহস্পতি গ্রহৰ গ্রেট ৰেড স্পটত ৩৫০ বছৰতকৈয়াে অধিক কাল ধৰি ঘূর্ণীবতাহ প্রৱাহিত হৈ আছে। আৰু এই বতাহৰ ওপৰ অংশত থকা মেঘত এই পানীৰ সন্ধান পােৱা গৈছে। পদার্থবিজ্ঞানী গর্ডন বিজোৰকাৰৰ নেতৃত্বত মার্কিন যুক্তৰাষ্ট্রৰ মেৰিলেণ্ডৰ পৰা টেলিস্কোপৰ সহায়ত বৈজ্ঞানিকসকলে বৃহস্পতিৰ এই গ্রেট ৰেড স্পট লৈ সমীক্ষা অব্যাহত ৰাখিছিল। সেই বিশেষ অংশত তাপ বিকিৰণৰ সন্ধান বিচৰাত হঠাৎ টেলিস্কোপত পানীৰ কণাৰ তৰংগ দৈর্ঘ্যৰাে সন্ধান পায় বৈজ্ঞানিকৰ দলটোৱে। বৃহস্পতি গ্ৰহত পানীৰ সমান্তৰালকৈ কার্বন মন অইডৰাে সন্ধান পােৱা গৈছে। সেয়ে প্রমাণিত হৈছে যে বৃহস্পতি গ্রহত সূর্যতকৈয়াে ছয়ৰ পৰা নগুণ অধিক বেছি অক্সিজেনৰ মাত্রা নীহিত হৈ আছে। ইতিপূর্বেই বৈজ্ঞানিকসকলে বৃহস্পতিতাে পানীৰ অস্তিত্ব থকাৰ কথা কৈ আহিছিল যদিও এইবাৰ এই কথা উপযুক্ত প্রমাণসহ প্রমাণিত হ’ল। ইতিমধ্যেই বৃহস্পতিৰ উপগ্রহসমূহতাে বৰফৰ সন্ধান পােৱা গৈছিল। তেনে স্থলত বৃহস্পতিত পানীৰ সন্ধান পােৱাটো কোনাে আশ্চৰ্যকৰ ঘটনা নহয়। বৃহস্পতিৰ বিশাল মাধ্যাকর্ষণ শক্তিৰ ফলত গ্ৰহটোত পানী ৰৈ গৈছে এই কথা গৱেষণাত প্রমাণিত হৈছে। নাছাৰ জুনাে নামৰ মহাকাশ যানখনে বৃহস্পতিৰ উত্তৰ-দক্ষিণ স্তৰ প্রদক্ষিণ কৰি প্রত্যেক ৫৩ দিনৰ মূৰে মূৰে এই তথ্য পােহৰলৈ আনিছিল।ইয়াৰ পিছতেই জুনাে মহাকাশযানৰ পৰা পােৱা এই তথ্য যদিহে বৈজ্ঞানিকসকলে ধাৰণা কৰা তথ্যৰ সৈতে মিল খায় তেন্তে ই কিন্তু বৈজ্ঞানিকসকলৰ বাবে হ’ব এক বৃহৎ আৱিষ্কাৰ। এই তথ্যক সমর্থন কৰি পৃথিৱীপৃষ্ঠৰ পৰা মহাকাশলৈ পানীৰ সন্ধান বিচৰা যি সাঁথৰ বর্তমান বাস্তৱ ৰূপত প্রতিফলিত হ’ব বুলি সদৰী কৰে বৈজ্ঞানিকৰ দলটোৱে। উল্লেখ্য যে, আগন্তুক সময়ত এই প্রযুক্তিৰ সহায়ত মহাকাশৰ অন্য গ্রহ ইউৰেনাছ তথা নেপচুনতাে পানীৰ সন্ধান বিচৰা কাম আৰম্ভ কৰিব পাৰিব বুলি একেমুখে স্বীকাৰ কৰিছে বৈজ্ঞানিকৰ দলটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close