আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

উৰন্ত মটৰ চাইকেলে সন্ধান দিব অপৰাধীৰ

এইবাৰ ৰাজপথত নহয় আকাশত দেখা পােৱা যাব মটৰ চাইকেল। এই ব্যতিক্রমী মটৰ চাইকেলখন উদ্ভাৱন কৰি উলিয়াইছে ৰাছিয়াৰ এদল বৈজ্ঞানিকে। মটৰ চাইকেলখনৰ নাম স্কপিয়ন। শেহতীয়া তথ্য অনুসৰি এই মটৰ চাইকেলখন ডুবাই আৰক্ষীয়ে বিশেষকৈ অপৰাধীক কৰায়ত্ব কৰিবলৈ ব্যৱহাৰ কৰিব। এই মটৰ চাইকেলখন ৰাজপথৰ সমান্তৰালকৈ অপৰাধীৰ গতিবিধি অনুসৰণ কৰিবলৈ উৰিবলৈয়াে সক্ষম। সম্প্রতি ‘জাইটেক্স টেকনলজি সন্মিলন’ত এই বিশেষ হােভাৰ মটৰ চাইকেলখন প্রদর্শন কৰা হয়। এই মটৰ চাইকেলখনত অত্যাধুনিক প্রযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰা হৈছে। ৰাছিয়াৰ হ’ভাৰ চার্যেত নিৰ্মাণ কৰা এই ক্রাফট মটৰ চাইকেলখন সম্পূর্ণ বৈদ্যুতিক তথা ৬০০ পাউণ্ড ধাৰণ কৰাৰ ক্ষমতা বহন কৰিব। এতিয়াৰে পৰা ডুবাইৰ ৰাজপথত দেখা পােৱা যাব এই মটৰ চাইকেলখন। এই হােভাৰ মটৰ চাইকেলখনে প্রতি চার্জত উৰন্ত অৱস্থাত ২৫ মিনিট সময় কার্যক্ষম অৱস্থাত থাকিব। স্কপিয়ন নামৰ এই হােভাৰ মটৰ চাইকেলখনে প্রায় ৫ মিটাৰ পর্যন্ত উচ্চতাত উৰিব পাৰিব। প্রতিঘণ্টাত ইয়াৰ গতিবেগ ৯৭ কিঃমিঃ। হােভাৰচাৰ্যৰ প্ৰধান কাৰ্যবাহী সম্পাদক আলেকজেণ্ডাৰ আতামানভৰ শেহতীয়া তথ্য অনুসৰি ডুবাই আৰক্ষীৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে প্রতিষ্ঠানটোৱে। ক্রমান্বয়ে ডুবাই চহৰত সংঘটিত হৈছে বহু অপৰাধমূলক ঘটনা। আৰু এইসমূহ ঘটনাৰ লগত জড়িত অপৰাধীসমূহক নাকী লগােৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা হয়। দুয়ােপক্ষৰ সন্মতিৰ অন্তত অৱশেষত নির্মাণ কৰা হয় এই বিশেষ মটৰ চাইকেলখন। এই স্কপিয়ন মডেলৰ মটৰ চাইকেলখনৰ মূল্য এক কোটি টকা। ইয়াৰ উপৰি আৰু এটি নতুন সংস্কৰণ ক্ৰয় কৰিছে ডুবাই আৰক্ষীয়ে। ইয়াত থাকিব নতুন অত্যাধুনিক বেটাৰি তথা কার্বন ফাইবাৰ ফ্রেম। এই মটৰ চাইকেলখনৰ ওজন হ’ব প্রায় ১১৪ কিঃগ্রা। উল্লেখ্য যে, যিটো সময়ত আৰক্ষীৰ ওপৰত প্ৰায়ে অভিযােগ সাব্যস্ত কৰা হয় তেনে সময়তে ডুবাই আৰক্ষীয়ে এই ক্ষেত্ৰত গ্ৰহণ কৰা ব্যতিক্রমী পদক্ষেপে সকলােৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close