বিশেষশীৰ্ষস্বাস্থ্য

উৎকট গৰমত অত্যধিক পানী পিয়াহ লগাৰ ৰহস্য

অন্য ঋতুৰ তুলনাত গ্রীষ্ম ঋতুত তাপমাত্রা যথেষ্ট পৰিমাণে বৃদ্ধি পায়। ফলত বাতাবৰণৰ সৈতে বাঢ়ি গৈ থাকে শৰীৰৰ তাপমাত্রা। অতিৰিক্ত তাপমাত্রাৰ ফলত শৰীৰে স্বাভাৱিক আদ্রতা হেৰুৱাই পেলায়। সেই সময়ছােৱাত এই শাৰীৰিক পৰিস্থিতিক অনুকুল ৰাখিবলৈ শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে ঘাম নির্গত হয়। ঘামৰ সৈতে শৰীৰ পানীসমূহ ওলাই আহে যাৰ ফলত শৰীৰৰ তাপমাত্রা স্বাভাৱিক হৈ পৰে। আনহাতে শৰীৰৰ পৰা অত্যধিক ঘাম নিঃসৰণৰ ফলত শৰীৰত পানীৰ পৰিমাণ ক্রমান্বয়ে শূন্য হৈ পৰে। সেই নিঃসৰণ হােৱা পানীসমূহ পূর্ণতা পাবলৈ শৰীৰক পুনৰ পানীৰ প্রয়ােজনীয়তাই দেখা দিয়ে। যাৰ ফলত গ্রীষ্মকালত বাৰে বাৰে পানী পিয়াহ লাগে। অন্য এক সমীক্ষাত পােহৰলৈ আহিছে যে, গৰম দিনত পিয়াহ লাগিলেই মানুহে সাধাৰণ পানীৰ সলনি শীতল পানীয়, ছড়া জাতীয় ঠাণ্ডা পানীৰ আশ্ৰয় লয়। যাৰ ফলত নিমিষতে পিয়াহ কমে যদিও এই শীতল পানীয়ত থকা ছ’ডা জাতীয় পদার্থই শৰীৰক অতি বেছি শুকান কৰি তােলে। যাৰ ফলত পানী পিয়াহ দুগুণে বৃদ্ধি পায়। ইয়াৰ উপৰি অধিকমাত্রা লৱণযুক্ত আহাৰেও পানী পিয়াহৰ মাত্রা বঢ়ায়। ইয়াৰ সলনি ফলৰ ৰস সেৱন কৰিলে শৰীৰত উপযুক্ত পানীৰ মাত্রা বৃদ্ধি পােৱাত সহায় কৰে। উল্লেখ্য যে, গ্রীষ্মকালত পূর্ণবয়স্কৰ তুলনাত শিশুসকলৰ শৰীৰত পানীৰ পৰিমাণ কম হােৱা দেখা যায়। যাৰ ফলত তেওঁলােকৰ অধিক মাত্রাত পানী পিয়াহ লগা দেখিবলৈ পােৱা যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close