অসমবিনোদনশীৰ্ষসাংস্কৃতিক

উষা নগৰীৰ উদীয়মান প্ৰতিভা কংকনা

এণ্টাৰটেইনমেণ্ট ডেস্ক, ভাল খবৰ: তেজপুৰৰ উদীয়মান শিল্পী কংকনা কাশ্যপক দেখিবলৈ পোৱা যাব এখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া বোলছবিত। ইয়াৰ পূৰ্বেও নাটক আৰু ভিচিডিত অভিনয় কৰা কংকনাৰ আছে কেইবাটাও প্ৰতিভা। ২০১৪ চনত শোণিতপুৰ জিলাত মহিলা পাঞ্জাত চেম্পীয়নৰ খিতাপ অৰ্জন কৰিছিল শিল্পীগৰাকীয়ে। আনহাতে তেওঁ এগৰাকী এথলেটিক খেলুৱৈ।

কংকনা কাশ্যপে আভিনয় কৰা নাটকসমূহৰ ভিতৰত অলংকাৰ, ২৬ জানুবাৰীৰ গধূলি, পাহাৰী গাভৰু, কলংক মচিব কোনে, মালিক আৰু গাভৰু নোহোৱাই ভাল আদি অন্যতম। অলংকাৰ নামৰ নাটখনত কংকনাই নায়িকাৰ ৰূপত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াৰ উপৰিও হালধীয়া চৰাইয়ে বাওঁধান খায়, মনলৈ উভতি আহে ল’ৰালি আৰু জিলিকা পাখিৰেৰ দৰে কেইবাখনো জনপ্ৰিয় ভিচিডিত অভিনয় কৰিছে যুৱ প্ৰজন্মৰ শিল্পীগৰাকীয়ে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close