অসমভাল খবৰ

উদ্ভাসিত হ’ব পর্যটন ক্ষেত্র

নিউজ ডেস্কঃ

অসমীয়া মানুহ অতিথিপৰায়ণ বুলি আগৰে পাৰই এক সুনাম আছে। অসমীয়াৰ অতিথিপৰায়ণত সকলোৱে অভিভূত হৈ পৰে। দুপৰীয়াৰ আলহী আমাৰ বাবে সাক্ষাৎ দামোদৰ।। আলহীৰ কিবা অসুবিধা হলেই আমাৰ হৃদয়ত এক অজান শিহৰণ জাগি উঠে। আমাৰ এই আলহীপৰায়ণতাকেই এতিয়া বিশ্ববাসীৰ মাজত তুলি ধৰা হব। ৰাজ্য চৰকাৰে শেহতীয়াভাৱে ঘোষণা কৰা পর্যটন নীতিত পর্যটকসকলক আলহী ৰখাৰ ব্যৱস্থা কৰা হৈছে। পর্যটন ক্ষেত্ৰৰ সমীপত থকা লোকসকলে পর্যটকক আলহী হিচাপে ৰাখিব পাৰিব। যাৰ জৰিয়তে কিছু হলেও আর্থিকভাৱে সৱল হব সেইসকল লোক। আনহাতে বিদেশী পর্যটকে অসমত ইয়াৰ জৰিয়তে পাব ঘৰুৱা পৰিৱেশ। অসমৰ প্ৰাকৃতিক সৌন্দর্যক বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে ৰাজ্য চৰকাৰ তথা পর্যটন নিগমে।আচম অসমশ্লগানেৰে দেশ-বিদেশৰ লগতে ৰাষ্ট্রীয় পর্যােয়ত অসমক পর্যটনৰ মানচিত্ৰত তুলি ধৰাৰ বাবে সকলো প্রকাৰৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰে। ইতিমধ্যে অসমৰ পৰ্যটনৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে হলীউড আৰু বলীউডৰ মোহময়ী অভিনেত্রী প্রিয়ংকা চােপ্ৰাক লৈ অসমৰ প্রাকৃতিক শোভাক দাঙি ধৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে পর্যটন বিভাগে। প্রিয়ংকা চােপ্ৰাৰ দৃশ্য-শ্রাব্যযুক্ত বিজ্ঞাপন প্রস্তুত কৰিছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মাধ্যমত অহা পহিলানবেম্বৰৰ পৰা অসমৰ নৈসর্গিক শোভাক উপস্থাপন কৰাৰ বাবে বিজ্ঞাপনৰ প্ৰচাৰ কৰা হব। ৰাজ্যত পর্যটন বিভাগৰ প্ৰসাৰৰ বাবে বিজ্ঞাপনৰ উপৰি বিশ্বৰ বিভিন্ন স্থানত ৰোড শ্বৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সৌন্দর্যক দাঙি ধৰা হব বুলি মন্তব্য কৰে। আনহাতে বিদেশী পর্যটকসকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে আমেৰিকা, কানাডা, জাপান, চীন আদি দেশৰ লগতে দেশীয় পর্যটকৰ বাবে ভাৰতৰ মুখ্য মুখ্য মহানগৰসমূহত ৰোড শ্বঅনুষ্ঠিত কৰিব পর্যটন বিভাগে। ৰাজ্যৰ যুৱক-যুৱতীসকলক পর্যটন উদ্যোগৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে বৃহৎ পৰিকল্পনা গ্রহণ কৰিছে ৰাজ্য চৰকাৰে। সেই অনুসৰি অসমত ব্যক্তিগতভাৱে পর্যটন উদ্যোগ গঢ়ি তুলিলে ইয়াত খৰচ হােৱা ধনৰ ৭৫ শতাংশ উভতাই দিব ৰাজ্য চৰকাৰে। আনহাতে পর্যটন উদ্যোগৰ ক্ষেত্ৰত অহা দহ বছৰলৈকে ৰাজ্য চৰকাৰৰ আওতাত অহা ৰাজহৰ পঞ্চাশ শতাংশ জিএছাট ৰেহাই দিব ৰাজ্য চৰকাৰে। একেদৰে পৰ্যটন উদ্যোগক সাৰ্বজনীন কৰাৰ উদ্দেশ্যে পর্যটনৰ বছৰেকীয়া পাৰিদৰ্শিকতা বঁটা প্রদান কৰিব পর্যটন বিভাগে। দেশী-বিদেশী চলচ্চিত্র নির্মাতাসকলক অসমত দৃশ্যগ্রহণ কৰাৰ ক্ষেত্ৰত আকৰ্ষিত কৰাৰ উদ্দেশ্যে দৃশ্যগ্ৰহণৰ ৰাজহত পঞ্চাশ শতাংশ ৰাজসাহায্য দিব। আনপিনে পর্যটন উদ্যোগৰ উত্তৰিকৰণৰ ক্ষেত্ৰত হােটেল-ৰেষ্টুৰাৰ ভূমিকা সন্দৰ্ভত গুৰুত্ব সহকাৰে আলোচনা আগবঢ়াই হােটেল নির্মাণ কৰাৰ ক্ষেত্ৰত ত্রিশ শতাংশ ৰাজসাহায্যৰ প্ৰদান কৰা হব। একেদৰে পৰ্যটন উদ্যোগক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত অন্যতম পৰিকল্পনা হিচাপে পর্যটকৰ ইচ্ছানুসৰি ব্যক্তিগত ঘৰত আলহী থকাৰ ব্যৱস্থাও কৰা হব। এনে কৰাৰ ফলত সাধাৰণ ৰাইজেও পর্যটন উদ্যোগৰ সৈতে একাত্ম হৈ পৰিব বুলি পর্যটন নিগমে আশা প্রকাশ কৰিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close