ক্ৰীড়াঙ্গণশীৰ্ষ

উদয়াস্ত আলিবাট অসম

আজি মৰিগাঁও জিলাৰ  বানপানী হোৱা অঞ্চলসমূহৰ ৰাইজক “উদয়াস্ত আলিবাট,অসমৰ”  তৰফৰ পৰা খাদ্য-সামগ্ৰী , কাপোৰ-কানিকে আদি কৰি বিভিন্ন ধৰণৰ লাগতীয়াল সামগ্ৰী বিতৰণ কৰা হৈছে। এই কাৰ্য সফল হোৱাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে “উদয়াস্ত আলিবাট” ৰ উপদেষ্টা :শ্ৰী ভাৰ্গৱ কুমাৰ নাথ, সম্পাদক: শ্ৰী নিতু ডেকা , সভাপতি: শ্ৰী বিমান জ্যোতি বৰা , সাংস্কৃতিক সম্পিদিকা :শ্ৰী কৃষ্ণা মণি  শইকীয়া আৰু দলটোৰ সদস্য-সদস্যা সকলে।

মৰিগাঁও জিলাৰ অন্তৰ্গত কুচকাটি গাঁৱৰ পৰা আৰম্ভ কৰা এই বিতৰণ কাৰ্যসূচী আশে পাশে থকা প্ৰায়বোৰ বানপীড়িত এলেকাত আগুৱাই নিয়া হয়। উদয়াস্ত আলিবাটৰ এই কাৰ্যক সকলোৱে একে মুখে খলাগ লৈছে।

উদয়াস্ত আলিবাট, অসম ৰ উপদেষ্টা ভাৰ্গৱ কুমাৰ নাথ আৰু সভাপতি বিমান জ্যোতি বৰাই এই কামভাগ আগুৱাই নিয়াত সহায় সহযোগ কৰা সকলো সদস্য লৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলোকে এই দুৰ্যোগৰ সময়ত ওলাই আহি পীড়িতসকলক সহায়ৰ বাবে আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close