অসমবিশেষশীৰ্ষ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিক্ষার্থীক বিশ্বমানৰ শিক্ষাৰ সুবিধা আগবঢ়োৱাৰ লক্ষ্য ডিডব্লিউপিএছৰ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিক্ষার্থীৰ বাবে বিশ্বমানৰ শিক্ষা গ্রহণৰ সুবিধা আগবঢ়োৱাৰ লক্ষ্যৰে অহা ২০২০ চনৰ এপ্রিল মাহৰ পৰা শিক্ষাদান কার্যসূচী আৰম্ভ কৰিব দিল্লী ৱর্ল্ড পাব্লিক স্কুল আৰু দিল্লী ৱাণ্ডাৰ ৱর্ল্ড। উত্তৰ-পূর্বাঞ্চলত প্ৰথমবাৰলৈ এনে পদক্ষেপ গ্রহণ কৰিছে দিল্লী ৱর্ল্ড পাব্লিক স্কুল আৰু দিল্লী ৱাণ্ডাৰ ৱল্টে। এই বিষয়ে জানিবলৈ দিয়ে দুয়ােখন বিদ্যালয় কর্তৃপক্ষই। উল্লেখ্য যে ভাৰতৰ লগতে বিগত তিনি বছৰত ৭৯ খন বিদ্যালয় প্রতিষ্ঠাৰে উচ্চমানৰ কে-১২ স্কুল হৈছে দিল্লী ৱর্ল্ড পাব্লিক স্কুল। ইয়াত ছলমান কুৰছিদ (ইয়াত প্রাক্তন বৈদেশিক মন্ত্রী ছলমান খুৰছিদ, চিন্তামনি ৰাও, তথ্য আৰু প্ৰচাৰ বিভাগৰ প্রাক্তন মন্ত্রী অম্বিকা চুনী আৰু অভিনেত্রী শর্মিলা ঠাকুৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি জড়িত হৈ আছে। শিলিগুৰিত এই স্কুল স্থাপনৰ বাবে দিল্লী ৱর্ল্ড ফাউণ্ডেচনে শিলিগুৰিৰ সদানন্দ ৰাধিকা মণ্ডল চেৰিটেবল ট্রাষ্টৰ সৈতে সহযােগিতা স্থাপন কৰিছে। অনাগত দিনত ডিডব্লিউপিএছে উত্তৰ-পূব ভাৰতত কেইবাখনাে উন্নতমানৰ স্কুল প্রতিষ্ঠা কৰাৰ লক্ষ্য লৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close