অসমবিশেষশীৰ্ষ

উত্তৰ জামুগুৰিৰ হাটিঙা ৰত্নপুৰৰ এজন উদ্যমী চিত্ৰশিল্পী ঋতুৰাজ কলিতা

চন্দন শৰ্মা

শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত হাটিঙা ৰত্নপুৰ অঞ্চলৰ এজন উদ্যমী চিত্ৰশিল্পী ঋতুৰাজ কলিতা । ঋতুৰাজ হ’ল ৰত্নপুৰ অঞ্চল নিবাসী ধৰমেন্দ্ৰ কলিতা আৰু ৰিজুমনি কলিতাৰ সু-পুত্ৰ তথা চতিয়া সমষ্টিৰ এখন আগশাৰী শিক্ষানুষ্ঠান হিচাপে পৰিচিত কুসুমটলাস্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ । ঋতুৰাজে দ্বিতীয় মান শ্ৰেণীৰ পৰাই ছৱি আঁকি ভাল পাইছিল লগতে তেওঁক অনুপ্ৰেৰণা প্ৰদান কৰিছিল পিতৃ-মাতৃ আৰু হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা ধলাইবিল নিবাসী দ্ৰুণপ্ৰসাদ শৰ্মাই । ঋতুৰাজ বৰ্তমান নিজৰ কলেজীয়া পঢ়া-শুনাৰ লগতে হাটিঙা জয়পুৰস্থিত পাৰিজাত সংগীত ও চিত্ৰকলা মহাবিদ্যালয়ত সুকুমাৰ কলাৰ জৰিয়তে কন কন ছাত্ৰ-ছাত্ৰীৰ লগতে বহু যুৱক-যুৱতিক শিক্ষা দান কৰি আছে । ঋতুৰাজে অইল পেইন্টিং, থ্ৰি ডি, পৰটেইড তথা মানুহৰ মুখমণ্ডলৰ চিত্ৰ অংকন কৰি ভাল পায় । ঋতুৰাজৰ এনে সুপ্ত প্ৰতিভাৰ জৰিয়তে নিজৰ অঞ্চলৰ যুৱক-যুৱতিক আগুৱাই নিয়াৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close