অসম

উত্তৰ গুৱাহাটী ৰংমহল ভাৰতী পুথিভড়াল আৰু সংঘৰ বহাগী উৎসৱ উদযাপন

চাংসাৰিৰপৰা পঙ্কজ নাথ, ভাল খবৰ: উত্তৰ গুৱাহাটী ৰংমহল আঠগাঁও ভাৰতী পুথিভড়াল আৰু সংঘৰ দ্বাৰা আয়োজিত বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান দেওবাৰে সফলভাৱে সম্পন্ন হৈ যায়৷ প্ৰত্যেক বৰ্ষৰ দৰে এইবেলিও ৰংমহল ভাৰতী সংঘৰ দ্বাৰা আয়োজিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানত বিহু গীত, নৃত্য , হুচৰি, প্ৰসিদ্ধ ঢুলিয়াৰ ঢোলবাদনৰ লগতে বিভিন্ন ভাষা গোষ্ঠীৰ গীত নৃত্যই দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰে৷

সাংস্কৃতিক অনুষ্ঠানত সন্ধিয়া বিহু মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজ কৰ্মী তথা উত্তৰ গুৱাহাটী আমিনগাঁও প্ৰখণ্ড বিশ্ব হিন্দু পৰিষদৰ সম্পাদক জ্যোতি প্ৰসাদ তামূলীয়ে৷ মঞ্চ উদ্বোধনী হোৱাৰ পিছত উপৰোক্ত নানা ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী সমাপন হৈ অনুষ্ঠানৰ শেষৰ ফালে নিশাৰ সময়ত আমন্ত্ৰিত শিল্পী গোষ্ঠী মেট্ৰিক্সছে গীত পৰিবেশন কৰি কেইবা ঘণ্টা জুৰি শ্ৰোতা দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হয় ৷

উক্ত অনুষ্ঠানতে সমাজকৰ্মী জ্যোতি প্ৰসাদ তামূলী, সংবাদদাতা মুকুটেশ্বৰ গোস্বামী আৰু বিশিষ্ট ঢোলবাদক কুমুদ চন্দ্ৰ নাথক তেওঁলোকে সমাজৰ প্ৰতি আগবঢ়োৱা অৰিহণাৰ বাবে বিহু উদযাপন সমিতি ও ৰাইজৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close