অসম

উত্তৰ গুৱাহাটীত বিশ্ব ধপাত বিৰোধী দিৱস পালন

চাংসাৰিৰপৰা পঙ্কজ নাথ, ভাল খবৰ: বৃহস্পতিবাৰে সমগ্ৰ বিশ্বত ধপাত বিৰোধী দিৱস পালন কৰাৰ সমান্তৰালকৈ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ শংকৰদেৱ শিশু নিকেতনটো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়৷ দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে এখন সজাগতা সভাৰ আয়োজন কৰে৷ এই সজাগতা সভাখনিৰ পৰিচালনা আৰু সঞ্চালন কৰে শঙ্কৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি ড° ভাস্কৰ জ্যোতি শৰ্মাই লগতে সভাত আঁত ধৰে সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে।

ৰাতিপুৱা প্ৰায় ৮ বজাৰ পৰা ১০ বজালৈ অনুষ্ঠিত হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ ৰাখি উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপিকা প্ৰতিমা বৰুৱাই। তেখেতে ভাষণত কয় “ধপাত শ্লো পইজন সময় থাকোতে সজাগ নহলে ইতি পেলাই জীৱন ৷ এই সভাতেই আন এগৰাকী বক্তা গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞানৰ মুৰব্বী অধ্যাপক ড° ঈশাংকুৰ শইকীয়াই উপস্হিত ছাত্ৰ ছাত্ৰী সকলক ধপাতৰ অপকাৰিতাতৰ ওপৰত সুন্দৰ ব্যাখ্যা দাঙি ধৰে৷

উক্ত সভাতে অঞ্চলটোৰ কেইবাজনো ব্যক্তিয়ে আজিৰে পৰা ধপাত ত্যাগ কৰাৰ সংকল্প লয়। ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পোষ্টাৰ লিখা, শ্ল’গান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল৷ প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ দিগন্ত বড়া, স্কুল পৰিচালনা সমিতিৰ সহঃ সম্পাদক জ্যোতি প্ৰসাদ তামূলী আৰু উপ প্ৰধানাচাৰ্য জগদীশ শৰ্মাই বঁটাসমূহ প্ৰদান কৰে৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close