অসমবিশেষ

উত্তৰ গুৱাহাটীত বন সজাগতা অনুষ্ঠানৰ আয়োজন

চাংসাৰিৰপৰা পঙ্কজ নাথ, ভাল খবৰ: জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত ১২ মে’ত অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা এখনি বন সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটী শঙ্কৰদেৱ শিশু নিকেতন আৰু উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত শনিবাৰে দিনৰ ১২ বজাত উত্তৰ গুৱাহাটীৰ শঙ্কৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গনতে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।

বৰ্তমান সময়ত ৰাজ্যৰ ঠায়ে ঠায়ে বন ধ্বংসৰ নানা ঘটনা সংঘটিত হৈ প্ৰকৃতি বিনষ্ট হ’ব ধৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে বন বিভাগে মানুহৰ মাজত বন ৰক্ষাৰ ওপৰত সজাগতা আনি প্ৰকৃতিখন সুন্দৰ আৰু মনোমোহা কৰাৰ প্ৰয়াস কৰিব বিচাৰি এই অনুষ্ঠানটো আয়োজন কৰিছে। যাৰবাবে তেওঁলোকে ‘পৃথিৱীখন বচাও আহক’ আদি শ্লোগান ৰচনা কৰি মানুহৰ মাজত ইয়াৰ প্ৰচাৰ কৰি মানুহক প্ৰকৃতি ৰক্ষাৰ বাবে চিন্তা কৰোৱাৰ চেষ্টা চলাইছে ।

এই অনুষ্ঠানত জনসাধাৰণৰ মাজত বন সজাগতা আনিবলৈ চিলা বনাঞ্চলিক বিষয়া ৰবিন বৈশ্যৰ উপৰিও অন্য ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি বন ৰক্ষাৰ ওপৰত বহু মূল্যবান পৰামৰ্শ আগবঢ়াব বুলি বনাঞ্চলিক বিষয়া গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দি উক্ত অনুষ্ঠানত ৰাইজৰ উপস্থিতি ও সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close