স্বাস্থ্য

উকনিৰ যন্ত্রণাৰ পৰা মুক্তি পোৱাৰ ঘৰুৱা উপকৰণ

মলয়া দৈমাৰী

উকনিৰ যন্ত্রণাত অস্থিৰ নোহোৱা নাৰী খুবেই কম বুলিব পাৰি। বহু সময়ত যন্ত্রণায় এনে পৰ্যায় পায়গৈ যে বহুতৰ ৰাতিৰ টুপনিয়ো ই ভাঙি দিয়ে। অনেকে অনেক টকা-পইচা ভাঙিয়ো কেতিয়াবা আকৌ কোনো ফল নাপায়। অবস্থা কেতিয়াবা এনে পৰ্যায় পায়গৈ চুলিকে খুৰাই পেলাব লগীয়া হয়গৈ।
তেনে সকলো বাদদি আহকচোন আজি ঘৰুৱা উপাদানৰে উকনি মূৰৰ পৰা সমূলি নোহোৱা কৰাৰ এটি প্ৰয়াস কৰো…
*উপকৰণটি কেনেকৈ বনাব:


মধ্যম আকাৰৰ ২ টা নহৰু লওক। বাকলি বোৰ গুচাই গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই লওক। এতিয়া এই বনাই লোৱা পেষ্টত এচামুচ নাৰিকলৰ তেল আৰু কেইটোপালমান নেমুৰ ৰস বা আদাৰ ৰস মিহলাওক। এতিয়া তৈয়াৰী হৈ পৰা মিশ্ৰণটি চুলিৰ গুড়িত ভালদৰে লাহে লাহে ঘঁহি ঘঁহি লগাওক আৰু আধা ঘণ্টামান থাকিবলৈ কুহুমীয়া গৰম পানীৰে মুৰটো ধুই লব।
এনেদৰে সপ্তাহত ৪ পৰা ৫ বাৰ ব্যবহাৰ কৰিলে আপুনি সহজেই উকনিৰ এনে সমস্যাৰ পৰা মুক্তি পাব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close