অসমবিশেষশীৰ্ষ

উওৰ পূৱৰ শিপীনি বোৱনীক বিশ্ব বজাৰ দিয়াৰ প্ৰয়াস

প্ৰদীপ দাস, তামুলপুৰ

যি সময়ত দেশৰ তথা ৰাজ্যৰ এচাম শিক্ষিত যুৱকে চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খাইছে, ঠিক সেই সময়তে উওৰ -পূৱৰ বস্ত্ৰ শিল্পক এখন বিশ্ব বজাৰ দিয়াৰ সপোনেৰে কৃষ্ণাৰ্জুন দাস নামৰ বাক্সা জিলাৰ তামুলপুৰৰ এজন শিক্ষিত তথা যুৱ অভিযন্তাই তেওৰ আন দুজন বন্ধুৰ সৈতে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত আৰম্ভ কৰে বল্কল ( BOLKOL) নামৰ এক ষ্টার্ট আপ (Startup) ৰ। অসমৰ বাহিৰত উচ্চ শিক্ষা লৈ আহি চৰকাৰী চাকৰিৰ পিছত ন দৌৰি উত্তৰ পূৱৰ গ্ৰাম্য অৰ্থনীতিক এক মাত্ৰা দিয়াৰ লগতে এক নতুন পোহৰ দিয়াৰ মানসেৰে আৰম্ভ হৈছিল বল্কলৰ (Bolkol) এক অভিনৱ যাত্রা । কৃষিক্ষেত্রৰ পিছত হস্ততাত বস্ত্ৰ শিল্পই হৈছে দেশৰ দ্বিতীয় জীৱিকা সৃষ্টিকাৰী পেছা । কিন্ত এখন সঠিক বজাৰ নোপোৱাৰ বাবে আজিও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামঞ্চলৰ শিপিনী সকলে নিজৰ হাতৰ সৃষ্টিৰে চমক লগা বস্ত্ৰ উৎপাদন কৰিও এক অনিচ্ছয়তাৰ মাজত জীয়াই থাকিব লগা হৈছে আজিও। যাৰ ফলত হস্ততাঁতৰ (Handloom) কাপোৰৰ উচ্চ চাহিদা থকাৰ পিছতো আমাৰ শিপিনি – বোৱনী সকলে আৰ্থিক ভাৱে আজিও বঞ্চিত হৈ আহিছে আৰু তেওঁলোকৰ অৰ্থনৈতিক দিশটো স্বচ্ছল তথা টনকিয়াল কৰিব পৰা নাই। এই সকলোবোৰ অসুবিধাৰ সমাধান সূত্ৰ উলিয়াই কৃষ্ণৰ্জুন দাস নামৰ প্ৰতিভা সম্পন্ন যুৱক জনে আৰম্ভ কৰা বল্কল (BOLKOL) এ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ শিপিনি-বোৱনী, আত্মসহায়ক গোট, সমবায় সমিতি, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা (NGO) আদিলৈ কঢ়িয়াই আনিছে এক প্ৰচুৰ আশাৰ ৰেঙণি তথা সম্ভাৱনা। এতিয়া বল্কল (Bolkol) ৰ মাধ্যমেৰে উওৰ -পূৰ্বাঞ্চলৰ শিপিনি-বোৱানীয়ে সমগ্ৰ বিশ্বতে নিজৰ নিপুণ হাতেৰে উৎপাদিত বস্ত্ৰ সমূহ বিক্ৰী কৰিব পৰাৰ ব্যৱস্থা কৰা হৈছে।যুৱ অভিযন্তা কৃষ্ণাৰ্জুন দাসে জনোৱা মতে বল্কলে ( Bolkol) সাজি উলিওৱা বল্কল ডট কম ( bolkol.com ) নামৰ ৱেবচাইট (website) ৰ জৰিয়তে এতিয়া ঘৰত বহি বহিয়েই শিপিনী, আসহায়ক গোট বা অন্য সংস্থা সমূহে নিজ হাতেৰে উৎপাদিত তথা অভিনৱ শৈলীৰে তৈয়াৰী হেণ্ডলুম সামগ্ৰী সমূহ বিশ্ব বজাৰত বিক্ৰী কৰিব পাৰিব। অসম চৰকাৰৰ এডভান্টেজ আসাম ( Advantage Assam) কাৰ্যসূচীৰ অন্যতম আসাম ষ্টাৰ্ট আপ ( Assam startup ) এ অসমৰ ১২০০ টি ষ্টাৰ্ট আপ ( startup ) ৰ মাজৰ পৰা ৫২ টি ষ্টাৰ্ট আপ ( startup) ক আই আই এম কলিকতা ( IIM CALCUTA )ৰ দ্বাৰা ব্যৱসায় উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ দিয়াৰ বাবে বাচি উলিয়াইছে। আৰু এই ৫২ টি ষ্টাৰ্ট আপ গোটৰ ভিতৰত বল্কল (Bolkol ) ও অন্যতম গোট হিচাপে বাচনি লাভ কৰি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। বল্কল ( Bolkol ) এ এতিয়া অসমৰ ১০০০ শিপিনীৰে সৈতে পোনপটিয়াকৈ সংলগ্ন হৈ আছে আৰু শিলিনী সকলে সাজি উলিওৱা সামগ্ৰী সমূহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অনলাইন মাধ্যমেৰে বিক্ৰী কৰি আহিছে। মূলতে অসমীয়া গামোছা, এৰি কাপোৰ আৰু অসমৰ বিভিন্ন থলুৱা শিপিনীয়ে বোৱা বস্ত্ৰক বল্কল এ এতিয়া বিশ্বৰ বজাৰলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে আৰু আৰ্থিক ভাৱে স্বাচ্ছলতাও লাভ কৰিবলৈ সক্ষম হৈছে। মাত্র ২৫০০০.০০ টকাৰে বাক্সা জিলাৰ তামুলপুৰত আৰম্ভ কৰা বল্কল এ আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিপিনীৰ জীৱিকাৰ পথ প্ৰশস্ত কৰি তেওঁলোকৰ জীৱনলৈ এক নতুন পোহৰ বিলাইছে। ২০২০ ইং চনৰ ৰ ভিতৰত বল্কল এ অসমৰ দহ হেজাৰ ( ১০০০০) গৰাকী শিপিনীৰ সৈতে সংলগ্ন হোৱাৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী সকলক বল্কল এ নতুন নতুন সামগ্ৰী তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওলোকে বনোৱা সামগ্ৰী সমূহক বিভিন্ন দেশলৈ ৰপ্তানি কৰাৰ ও পৰিকল্পনা কৰিছে। বল্কলৰ এই প্ৰচেষ্টাৰ ফলত গ্ৰাম্য অৰ্থনীতিয়ে এক নতুন ৰূপ পাব লগতে ৰাজ্যৰ তথা দেশৰ বহুতো শিক্ষিত নিবনুৱাই যুৱক-যুৱতীয়ে বল্কলৰ সৈতে সংলগ্ন হৈ নিজৰ জীৱিকাৰ পথ উলিয়াই ল’ব পাৰিব । মূলতে ভাৰতবৰ্ষৰ বেংগালুৰু, দিল্লী, মুম্বাই , চেন্নাই ইত্যাদি ঠাইৰ পৰা বল্কল ডট কম ( bolkol.com) ৰ মাধ্যমেৰে বহুতো লোকে অসমৰ শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা শিল্প কৰ্মৰ চানেকিৰ বিভিন্ন কাপোৰ অৰ্ডাৰ কৰি আছে বুলি বল্কৰ প্ৰতিষ্ঠাপক কৃষ্ণাৰ্জুন দাসে জানিব দিছে । ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰে শিপিনী-বোৱনী বা হেণ্ডলুম ক্লাষ্টাৰে এতিয়া অতি সহজে বল্কল ডট কম ( bolkol.com ) ৰ ৱেবচাইট ( website ) ত এগৰাকী বিক্রেতা ( seller ) হিচাপে পঞ্জীয়ন কৰি নিজে বোৱা সামগ্ৰী সমূহক এখন অনলাইন বজাৰ দিব পাৰিব আৰু গোটেই বিশ্বতে নিজৰ সামগ্ৰী সমূহ বিক্ৰী কৰিব পাৰিব ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close