অসমশীৰ্ষ

ইলেকট্ৰিচিয়ান মতিন্দ্ৰ দাসৰ মহানুভতিতা

মফিদুল হক, বৰপেটা

বানাক্ৰান্তক কোনোৱে টকা পইচাৰে, কোনোৱে সা সামগ্ৰী বিতৰণেৰে আৰু আন কোনোবাই শ্ৰমদানেৰে ৷ পিছে বৰপেটা চহৰত এগৰাকী ব্যক্তিয়ে বানপীড়িতৰ গৃহত উপস্থিত হৈ বিনা পাৰিশ্ৰমিকত বৈদ্যুতিক সা-সৰঞ্জাম স্থানান্তৰ কৰি চৰ্চিত হৈছে ৷ বানপানীৰ সম্ভাব্য বিপদৰ কথা অনুমান কৰি বিভিন্ন লোকৰ গৃহত উপস্থিত হৈ  পৰিয়ালৰ বৈদ্যুতিক সা-সৰঞ্জাম স্থানান্তৰ কৰি  সামাজিক দায়বদ্ধতাৰ পৰিচয় দিয়া “ইলেকট্ৰেচিয়ান” গৰাকী হল মতিন্দ্ৰ দাস ৷ বৰপেটা চহৰৰ
 গান্ধীনগৰৰ বাসিন্দা দাসে “ইলেকট্ৰিচিয়ান”হিচাপে নিজৰ সংসাৰ চলাই আছে ৷ কিন্তু বৰপেটা চহৰত হোৱা বানপানীত যাতে বিদ্যুৎৰ বাবে কাৰো
জীৱন হানি নহয় তাৰ বাবে দাসে আনৰ ঘৰে ঘৰে গৈ বৈদ্যুতিক মটৰ, বৈদ্যুতিক সা-সৰঞ্জাম স্থানান্তৰ কৰাৰ কামত নিজক জড়িত কৰিছে ৷ দাসৰ এনে কাম কাজৰ বাবে “ফে

চবুক”ৰ জৰিয়তে কেইবা গৰাকী লোকে দাসক প্ৰশংসা কৰিছে ৷ ফেচবুকৰ জৰিয়তে একাংশই দাসক “ৰিয়েল হিৰো” আখ্যা দিছে  /

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close