আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

ইন্ধনেৰে নহয় হাইড্ৰজেনেৰে চলিব মটৰ চাইকেল

বর্ধিত ইন্ধনৰ মূল্যই জনসাধাৰণক জ্বলাকলা খুওৱাৰ সময়তে এখন ব্যতিক্রমী মটৰচাইকেল উদ্ভাৱনৰে বিশ্ববাসীক চমক দিছে ফ্রান্সৰ এটি কোম্পানীয়ে। ফ্রান্স প্রাগ্ম ইণ্ডাষ্ট্রিজ কোম্পানীয়ে পােনপ্ৰথমবাৰৰ বাবে গেছেৰে চলা চাইকেল আৱিষ্কাৰ কৰিছিল। আৰু এইবাৰ কোম্পানীটোৱে ৬০ হাইড্রজেন পাৱাৰ মটৰচাইকেল আৱিষ্কাৰ কৰি উলিয়াইছে। এই বিশেষ মটৰচাইকেলখনৰ নাম “আল্ফা বাইক’। এই মটৰচাইকেলখন বিশেষকৈ মিলিটাৰী যুদ্ধত দুর্গম এলেকাত ব্যৱহাৰৰ উপযােগীকৈ নিৰ্মাণ কৰা হৈছে। এই হাইড্রজেন মটৰচাইকেলখনৰ মূল্য প্রায় ৭,৫০০ ইউৰাে অর্থাৎ ভাৰতীয় মূল্য প্রায় ৬ লাখ টকা। এই বিশেষ মটৰচাইকেলখন চলাবলৈ পেডেল মৰাৰ প্রয়ােজন নাই। এই মটৰচাইকেলখনত দুই লিটাৰ হাইড্রজেন ভৰাই ৬২ মাইল অর্থাৎ ১০০ কিঃমিঃ অতিক্ৰম কৰিব পাৰিব। এই বিশেষ মটৰচাইকেলখন ‘ই বাইক’ৰ তুলনাত যথেষ্ট উন্নত। শেহতীয়া তথ্য অনুসৰি এক কিলাে হাইড্রজেন বেটাৰিৰ তুলনাত ৬০০ গুণ অধিক শক্তি প্রদান কৰে। এই মটৰচাইকেলখন নির্মাতা কোম্পানীটোৱে ৰী ফয়ুলিং’ৰ ব্যৱস্থা কৰিছে। যাৰ সহায়ত হাইড্রজেন প্রস্তুত কৰিব পাৰি। এই মটৰ চাইকেলখন দেখিবলৈ সাধাৰণ চাইকেলৰ দৰেই। আগন্তুক সময়ত কোম্পানীটোৱে ইয়াৰ বিক্ৰীৰ বাবে যাে-জা চলাইছে। যােৱাটো বৰ্ষত কোম্পানীটোৱে ১০০খন হাইড্রজেন পাৱাৰ ইলেক্ট্রনিক চাইকেল নির্মাণ কৰিছিল। এই বৰ্ষত প্রায় ১৫০খন মটৰচাইকেল নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে। এই মটৰচাইকেলখনে বর্তমান নৰৱে, ইউ এছ, স্পেইন, ইটালী আদি দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ তথ্য অনুসৰি আগন্তুক তিনি বছৰৰ ভিতৰত সমগ্র বিশ্বতে এই মটৰচাইকেলৰ চাহিদা বৃদ্ধি পাব। উল্লেখ্য যে, ‘আলফা বাইকেৰে’ চমক দিয়া এই বিশেষ কোম্পানীটোৱে বর্তমান সমগ্র বিশ্বতে আগস্থান দখল কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close