আন্ত-ৰাষ্ট্ৰীয়শীৰ্ষ

ইথিউপিয়াৰ প্ৰধানমন্ত্ৰী অবি আহমেদলৈ শান্তিৰ নবেল

ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী অবী আহমেদলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। প্ৰধানমন্ত্ৰী অবী আহমেদে চিৰবৈৰী তথা চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সীমা বিবাদ নিষ্পত্তি কৰিবলৈ লোৱা যুগান্তকাৰী পদক্ষেপৰ বাবে তেওঁলৈ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰয়েল ছুইডিছ একাডেমীয়ে। শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে লোৱা ঐতিহাসিক পদক্ষেপৰ বাবে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ শান্তিৰ ন’বেল বঁটা। ১১ অক্টোবৰত   ন’বেল বঁটা জুৰীয়ে উল্লেখ কৰে যে শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে লোৱা পদক্ষেপ আৰু বিশেষভাৱে চুবুৰীয়া ৰাষ্ট্ৰ ইৰিট্ৰিয়া সীমা সংঘৰ্ষ নিষ্পত্তিৰ বাবে লোৱা নিৰ্ণায়ক পদক্ষেপৰ বাবে এই সন্মানেৰে তেওঁক সন্মানিত কৰা হৈছে।উল্লেখ্য যে ২০১৮ত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লৈয়ে অবী আহমেদে ৰাজনীতিত মহিলাৰ ভূমিকা বৃদ্ধি কৰাৰ বাবে বহু যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ নিজৰ মন্ত্ৰীসভাত ২০জন মন্ত্ৰীৰ ভিতৰত আধাসংখ্যক পদত মহিলা নিযুক্তি দিয়ে। তেওঁৰ শাসনকালতেই দেশখনে প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰীয়ে লাভ কৰে। তেওঁ ২০১৮ত দেশখনৰ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লৈ স্পষ্টভাৱে কয় যে চিৰবৈৰী ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ সৈতে শান্তি আলোচনা পুনৰ আৰম্ভ কৰা হ’ব। অবী আহমেদে চুবুৰীয়া ৰাষ্ট্ৰখনৰে চলি থকা দীৰ্ঘদিনীয়া সংঘাত নাইকিয়া কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ প্ৰধানমন্ত্ৰী ৰূপে দায়িত্ব লৈয়ে দেশখনৰ বাবে বহু যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰে। বিশেষভাৱে হাজাৰৰ সংখ্যাত বিৰোধী কৰ্মকৰ্তাক কাৰাগাৰত বন্দিত্বৰ জীৱন কটোৱাৰ পৰা বৃহৎ সকাহ দিয়ে। এক কথাত বহু বিৰোধী কৰ্মকৰ্তা কয়দীক মুকলি আকাশলৈ পুনৰ ঘূৰাই পঠিয়ায়।মন কৰিবলগীয়া যে অবী আহমেদক ন’বেল বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ মূল উদ্দেশ্যই হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ সৈতে দুটা দশকতকৈ অধিক সময়ত চলি থকা সংঘৰ্ষৰ অন্ত পেলাই শান্তি স্থাপনৰ বাবে লোৱা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ্য যে ইথিওপিয়াই বিগত বৰ্ষত ইৰিট্ৰিয়াৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে। ইৰিট্ৰিয়াৰ সৈতে দুটা দশকতকৈও অধিক সময় ধৰি চলা সংঘৰ্ষত বহু লোকৰ মৃত্যু ঘটাৰ লগতে কমেও ২৫ লাখ লোকে নিজৰ গৃহ ত্যাগ কৰিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে দুটা দশক ধৰি ইৰিট্ৰিয়াৰ সৈতে চলা সংঘৰ্ষ বিগত বৰ্ষত অন্ত পৰে। কিয়নো ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইৰিট্ৰিয়াৰ সৈতে শান্তিৰ চুক্তিত স্বাক্ষৰ কৰে। এই স্বাক্ষৰৰ লগে লগে অন্ত পৰে ১৯৯৮ৰ পৰা আৰম্ভ হোৱা সীমা সংঘৰ্ষ। ২০১৮ ছেপ্টেম্বৰত ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইৰিট্ৰি আৰু জিবুতীৰ মাজত বহু বছৰ ধৰি চলি থকা ৰাজনৈতিক শত্ৰুতাৰ অন্ত পেলাই কূটনৈতিক সম্বন্ধ গঢ়ি তোলে। ইয়াৰ উপৰি তেওঁ কেনিয়া আৰু ছোমালিয়াৰ মাজত সমুদ্ৰপথক লৈ চলি থকা সংঘৰ্ষৰ অন্ত পেলোৱাৰ বাবে মধ্যস্থতা গ্ৰহণ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close