ক্ৰীড়াঙ্গণশীৰ্ষ

ইণ্ডোনেছিয়া অপেন বেডমিন্টন পি ভি সিন্ধুৰ ৰূপৰ পদক

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া অপেন। বেডমিন্টন টেনিছত ৰূপৰ পদক জয়েৰে মহিলা ছিংগলছৰ অভিযান সামৰণি মাৰিলে পঞ্চম বাছনিৰ ভাৰতীয় খেলুৱৈ পি ভি সিন্ধুৱে। দেওবাৰে ফাইনেল খেলখনত চতুর্থ বাছনিৰ জাপানৰ আকানি য়ামাগুছিৰ বিৰুদ্ধে ২১১৫, ২১১৬ পােনপটীয়া ব্যৱধানত পৰাস্ত হৈ দ্বিতীয় স্থানতে সন্তুষ্ট থাকে সিন্ধু ৱে। আৰম্ভণিৰে পৰাই আকানিয়ে  সিন্ধুৰ সন্মুখত চাপৰ সৃষ্টি কৰিছিল।জাপানৰ খেলুৱৈগৰাকীয়ে প্রথম ছেটত ২১১৫ ব্যৱধানত জয়লাভ কৰি আত্মবিশ্বাস বৃদ্ধি কৰিছিল। দ্বিতীয় ছেটত ভাৰতৰ তাৰকা শ্বাটলাৰগৰাকীয়ে প্রত্যাৱর্তনৰ চেষ্টা চলাইছিল যদিও জাপানৰ খেলুৱৈগৰাকীৰ সন্মুখত এক প্রকাৰ নিষ্প্রভ হৈ পৰে। খেলৰ অন্তত সিন্ধু ৱে সাংবাদিকৰ আগত কয় ইণ্ডোনেছিয়া অপেন টুর্ণামেন্টৰ চূড়ান্ত খেলখনত জাপানৰ য়ামাগুছিয়ে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিছে। মােৰ কিছুমান সৰু ভুলৰ বাবেই তেওঁৰ ওচৰত পইণ্ট হেৰুৱাইছাে। অনাগত সময়ত এনে ধৰণৰ সৰু সৰু ভুলবােৰ নাইকীয়া কৰিবলৈ মই চেষ্টা অব্যাহত ৰাখিম। আগন্তুক বলগীয়া সকলােবােৰ টুর্ণামেন্টতেই মই সফল প্রদর্শন দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু ৰেংকিঙৰ শীর্ষ স্থানত যাবলৈ চেষ্টা কৰিম

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close